Your Voice, Our Strength

উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰক বুলেট নিদিয়ে চৰকাৰে : বুলেটৰ পৰিৱৰ্তে মামাই ভাগিনক দিব স্কুটি।

🌀এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰক বুলেট নিদিয়ে চৰকাৰে।ইয়াৰ পৰিৱৰ্তে স্কুটী দিয়াৰ সিদ্ধান্ত।

 

🌀বুলেটৰ পৰিৱৰ্তে মামাই ভাগিনসকলক দিব স্কুটি।এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা ছাত্ৰক দিয়া হ’ব স্কুটী।

 

P&C

🌀বজালীৰ মেধিকুছিত একাঠু পানীত নামি বান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।আজি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকাৰ সময়তে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য।

 

🌀মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,”বুলেট নহয়,এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰক দিব স্কুটী।বুলেটৰ দাম বেছি।লগতে বুলেটৰ বাবে দুৰ্ঘটনা বেছিকৈ হয়।”

 

🌀উল্লেখযোগ্য যে,কালি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ পাছতেই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছিল যে,”উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা সকলোৱে স্কুটী নাপাব।

 

🌀তাত কাট অৱ মাৰ্ক থাকিব।নিৰ্ধাৰিত কাট অব্ মাৰ্ক লাভ কৰা সকলকহে দিয়া হ’ব স্কুটী।”

You might also like