Your Voice, Our Strength

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান অভিষেক মহন্তৰ

ছাত্ৰ মুক্তিৰ প্ৰতি মোহভংগ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ

আজিৰ খবৰ,৩০ জুন গুৱাহাটী : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আকৃষ্ট আৰু
বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিত যোগদান কৰিলে কটন বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ সাধাৰণ সম্পাদকে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাম কৰাৰ দুৰ্বাৰ হেঁপাহ বৰ্তমানৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ । উল্লেখ্য যে ছাত্রমুক্তি সংগ্রাম সমিতিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হৈছিল অভিষেক মহন্ত। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত তেজস্বী সূৰ্যৰ উপস্থিতিত যুৱ মৰ্চাত যোগদান অভিষেক মহন্তৰ।ছাত্রমুক্তি সংগ্রাম সমিতিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হৈছিল অভিষেক মহন্ত।অভিষেক মহন্তই যোগদান কৰিলে বিজেপিত।উল্লেখযোগ্য যে,কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই বিজেপিত যোগদান কৰাৰ পাছতেই উত্তাল হৈ পৰিছে কটন বিশ্ববিদ্যালয়ৰ চৌহদ। ইফালে এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ কটনিয়ানে।কটনৰ গৰিমাত কলিমা সনা কাৰ্যত ক্ষোভিত কটনিয়ান।তেওঁলোকে কয় যে,‘কটনত বিজেপি নচলিব।’

P&C
You might also like