মাছ পালনেৰে স্বাৱলম্বী হ’ব পাৰে আপুনি: কিন্তু কেনেকৈ চিনাক্ত কৰিব মাছ
আজিৰ খবৰ,১জুলাই গুৱাহাটী : বাৰিষাৰ বতৰ । এই সময়ছোৱাত মাছৰ প্ৰজননৰ সময় । মাছ পালনৰ সময় । নিজৰ লগতে অন্য দহ জনক আত্মনিৰ্ভৰশীল হোৱাৰ এটা পৰিবেশ আপুনিও গঢ়ি তুলিব পাৰে মাছ পালন কৰি ।
নিজৰ পুখুৰীত বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰাৰ লগতে অন্য মাছ পালকেও যাতে উন্নত প্ৰজাতিৰ মাছ পালন কৰি স্বাৱলম্বী হোৱাৰ লগতে নিজক অৰ্থনৈতিক ভাবে সবল কৰিব পাৰে আপুনি ।
কিন্তু কেনেকৈ চিনাক্ত কৰিব মাছ
মাছৰ পোনা চিনাক্তকৰণৰ কৌশল
ৰৌ:
ৰৌ মাছৰ পোনা চিনাক্তকৰণৰ সহজ কৌশলটো হ’ল ইয়াৰ পুচ্ছবৃন্তত এটা ক’লা ৰঙৰ ফোট থাকে, অলপ ভালদৰে লক্ষ্য কৰিলে দেখা যাব যে ৰৌ মাছৰ তলৰ ওঁঠটো কোঁচ খোৱা। আনহাতে, শৰীৰটো দীঘলীয়া।
বাহু:
আমাৰ মীনপালকসকলে সহজতে চিনি উলিয়াব পৰা মাছবিধ হ’ল বাহু। বাহু মাছৰ মূৰ তথা মুখখন ডাঙৰ।
মিৰিকা:
মিৰিকা মাছৰ চিনাক্তকৰণৰ ক্ষেত্ৰত প্ৰথম লক্ষ্য কৰিব লগা দিশটো হ’ল ইয়াৰ ওঁঠ। যদি ওঁঠ কোঁচ খোৱা নহয় আৰু পুচ্ছবৃন্ত বা ফিছাত এটা ক’লা চতুষ্কোণী দাগ দেখা পোৱা যায়, তেনেহ’লেমীনপালকসকলে সেইটো মিৰিকাৰ পোৱালি বুলি থিৰাং কৰিব পাৰি।
গ্ৰাছ কাৰ্প:
দেখাত ৰৌৰ পোৱালিৰ নিচিনা। মূৰটো অলপ সৰু। ওঁঠ কোঁচ খোৱা নহয়। পুচ্ছবৃন্তত কোনো ক’লা দাগ নাথাকে।
চিলভাৰ কাৰ্প:
এইবিধ মাছৰ পোনা চেপেটা আকৃতিৰ মাছপোনাৰ বাকলি একেবাৰে সৰু। অইন মাছৰ তুলনাত ই বহল হোৱা বাবে, মীনপালকসকলে ইয়াক সহজতে চিনাক্ত কৰিব পাৰে।
কমন কাৰ্প:
আমাৰ প্ৰায়ভাগ মীনপালকে এই মাছবিধ চিনিব পাৰে। এইবিধ মাছপোনা চিনাক্তকৰণৰ সহজ উপায় হ’ল- ইয়াৰ মুখ খৰ গাহৰিৰ মুখৰ দৰে। সৰু অৱস্থাতে ইয়াৰ পেটটো ওলাই থকা হয়। গতিকে আমি এনেদৰে মাছৰ পোনা চিনাক্ত কৰি লৈ আমাৰ পুখুৰীত প্ৰকৃত গুণসম্পন্ন মাছপোনা মেলাৰ ব্যৱস্থা কৰিব লাগে।
উদ্বেগৰ বিষয় যে আজি আমাৰ কিছুমান দুষ্কৃতিপৰায়ণ লোকে ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ নিমিত্তে অকালতে মাছ মাৰি ধ্বংস কৰে। ফলত এসময়ত নদন-বদন হৈ থকা অসমৰ জলাশয়সমূহত আজি মাছ নোহোৱা হৈ পৰিছে। বিজ্ঞানীসকলে কৰা সমীক্ষা মতে, অসমত ২১৭ বিধ প্ৰজাতিৰ মাছ আছিল।
কিন্তু আজি এই প্ৰজাতিসমূহৰ প্ৰায় ২৫ বিধ লুপ্ত হ’বলৈ ধৰিছে। তাৰ ভিতৰত অতি সোৱাদযুক্ত স্বদেশী মাছ- চেনিপুঠি, পাভ, শিঙৰা, এলেং আদি প্ৰধান। তদুপৰি যিকেইবিধ মাছ আছে, তাৰ সংখ্যাও দিনকদিনে কমি আহিছে। এই নিবন্ধকাৰে চলোৱা এক সমীক্ষাত এই কথাটো প্ৰতীয়মান হৈছিল যে উজনি অসমৰ কেইখনমান জিলাত চেনিপুঠি, পাভ, শিঙৰা, এলেং মাছ পোৱাৰ বিপৰীতে বহুকেইখন জিলাত তাৰ সংখ্যা আশংকাজনকভাৱে কমি আহিছে।
অসমত মাছৰ সংখ্যা দিনকদিনে কমি অহাৰ বিভিন্ন কাৰণ আছে, তাৰ ভিতৰত মানুহে সৃষ্টি কৰা অসুবিধাই বেছি। আমাৰ নৈ, বিল, পুখুৰী, জলাশয় আদিত জধে-মধে জাল মৰা, গেছ-বিহ দি মাছ মৰা, মাছৰ কণী পাৰিবৰ সময়ত জালেৰে মাছ মাৰি বিক্ৰী কৰা, অতি ঘন জাল ব্যৱহাৰ কৰি মাছৰ একেবাৰে সৰু পোৱালি উঠাই নষ্ট কৰা, মাছৰ বসতিপূৰ্ণ ঠাই ধ্বংস কৰা, মাছে কণী পৰা ঠাই ধ্বংস কৰা আৰু বিভিন্ন ধৰণৰ প্ৰদূষণেই মাছৰ সংখ্যা নিম্নগামী হোৱাৰ মূল কাৰণ।