Your Voice, Our Strength

বানাক্ৰান্তই লাভ কৰিব ৩৮০০কৈ টকা সাহায্য

শিবিৰত থকা প্ৰতি গৰাকী শিক্ষাৰ্থীলৈ ১০০০ টকাকৈ সাহায্য ঘোষণা শিবিৰত থকা প্ৰতি গৰাকী শিক্ষাৰ্থীলৈ ১০০০ টকাকৈ সাহায্য ঘোষণা

আজিৰ খবৰ , গুৱাহাটী, ১ জুলাই, ২০২২ : বিগত কেইবাদিন ধৰি ৰাজ্যত হোৱা প্ৰবল বানে বহু মানুহৰ ঘৰ বাৰী নিঃশেষ কৰাৰ লগতে মানুহ আৰু পশুধনৰ ব্যাপক ক্ষতি কৰাত ৰাজ্য চৰকাৰে লৈছে বিশেষ তৎপৰতা । বিশেষকৈ বানত ঘৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীয়ে লৈছে বিশেষ পদক্ষেপ ।বানাক্ৰান্ত ৰাইজক ক্ষতিপূৰণ দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ জাৰি কৰিছে । ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু বানপীড়িত লোকসকললৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভিডিঅ’ কনফাৰেন্সিংযোগে উপায়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ কোনো ব্যক্তিয়েই যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিবলগীয়া সাহায্যৰ পৰা বঞ্চিত হ’ব লগা নহয় সেয়া সুনিশ্চিত কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে৷ ১৫ জুলাইৰ আগত ক্ষতিগ্ৰস্ত ঘৰৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷বান সাহায্য শিবিৰত থকা বানাক্ৰান্তই লাভ কৰিব ৩৮০০কৈ টকা৷ চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰৰ উপৰি যিসকল লোকে ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথ আদিৰ দৰে ঠাইত নিজাববীয়াকৈ আশ্ৰয় গ্ৰহণ কৰি আছে তেনে প্ৰতিটো পৰিয়ালে বস্ত্ৰ,ঘৰুৱা আচ-বাব আদিৰ ক্ষতিপূৰণৰ বাবদ ৩,৮০০ টকাকৈ লাভ কৰিব৷
পৰৱৰ্তী ২০ জুলাইৰ পাছত গৃহ ক্ষতিগ্ৰস্ত লোকসকলক সাহায্যৰ ধনৰাশি প্ৰদান কৰা হ’ব৷সমগ্ৰ সাহায্য প্ৰদান তথা পুনৰ সংস্থাপন প্ৰক্ৰিয়াটো অহা ১৫ আগষ্টৰ ভিতৰত যাতে সম্পূৰ্ণ হয় সেয়া সুনিশ্চিত কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে৷ আনহাতে বান শিবিৰত থকা প্ৰতি গৰাকী শিক্ষাৰ্থীলৈ ১০০০ টকা সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
শিবিৰ অথবা অন্য স্থানত আশ্ৰয় গ্ৰহণ কৰি থকা বান প্ৰভাৱিত যিসকল ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰকে ধৰি প্ৰয়োজনীয় শিক্ষণ আচবাব-পত্ৰ বিনষ্ট হৈছে সেইসকল বিদ্যাৰ্থীৰ পৰৱৰ্তী পৰ্যায়ত অধ্যয়নৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে ১,০০০ টকাকৈ প্ৰদান কৰিব৷ ১৫ জুলাইৰ ভিতৰত এখন তালিকা প্ৰস্তুত কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰী নিৰ্দেশনা প্ৰদান কৰিছে ।

You might also like