Your Voice, Our Strength

চাহ জনজাতি জাতীয় সন্মিলনী, অসমৰ প্ৰধান কাৰ্যালয়ৰ শুভ উদ্বোধন

আজিৰ খবৰ, গুৱাহাটী, ৫ জুলাই, ২০২২ : আজি চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমান পত্ৰ প্ৰদানৰ বাবে গঠন হোৱা চাহ জনজাতি জাতীয় সন্মিলনীৰ গুৱাহাটী ৰূপনগৰত নবনিৰ্মিত প্ৰধান কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে সামাজীক ন্যায়,সবলীকৰন বিভাগৰ মন্ত্ৰী পিযুষ হাজৰীকাই।

 

মন্ত্ৰী পিযুষ হাজৰীকা ডাঙৰীয়াই বন্তি প্ৰজ্বলন তথা ফিটা কাটি চাহ জনজাতি জাতীয় সন্মিলনীৰ মুখ্য কাৰ্যালয়ৰ শুভ উদ্ধোধনৰ পিছতে চাহ জনজাতি জাতীয় সন্মিলনীৰ সভাপতি পৃথিবী মাঝীৰ সভাপতিত্বত চাহ জনজাতি কল্যাণ সঞ্চালকালয় প্ৰেক্ষাগৃহত অনুস্থিত এক গুৰুত্বপুৰ্ন সভাতো অংশগ্ৰহন কৰে।সভাত চাহ জনজাতি কল্যান মন্ত্ৰী সঞ্জয় কিষান ,সাংসদ দ্বয় কামাখ্যা প্ৰসাদ তাছা,পল্লব লোচন দাস,চাহজনজাতি কল্যান সঞ্চালকালয়ৰ সঞ্চালক ভাস্কৰ ফুকন,আটছাৰ সভাপতি ধীৰাজ গোৱালা, সাধাৰন সম্পাদক জগদীশ বৰাইককে প্ৰমুখ্য কৰি বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।সন্মিলনীৰ সম্পাদক অৰুন কাৱৰে আঁট ধৰা সভাত শিঘ্ৰে চাহজনগোষ্ঠীৰ জাতিগত প্ৰমাপত্ৰৰ ক্ষেত্ৰত থকা সকলো সমস্যা সমাধান কৰি এখন শুদ্ধ জাতিৰ তালিকা প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।

P&C
You might also like