Your Voice, Our Strength

বন বিভাগৰ কেজুৱেল শ্ৰমিকৰ জৰুৰী সভাত শীঘ্ৰে ফিক্সড পে সহ নিযুক্তি আৰম্ভ কৰাৰ দাবী

আজিৰ খবৰ, গুৱাহাটী, ৭ জুলাই, ২০২২ : সদৌ অসম বন বিভাগ কেজুৱেল শ্ৰমিক সন্থাৰ এখন জৰুৰী সাধাৰণ সভা ৬ জুলাইত বন বিভাগৰ পাঞ্জাবাৰীস্থিত মুখ্য কাৰ্যালয় ” অৰণ্য ভৱন”ৰ কৰ্মচাৰী ভৱনত অনুষ্ঠিত হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৭৫ জনৰো অধিক বেতন বঞ্চিত কেজুৱেল শ্ৰমিকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সন্থাৰ সভাপতি চিকণ ডেকাই আৰু উদ্দেশ্যে বাখ্যা কৰে সম্পাদক ধনঞ্জয় দাসে । সভাত পূৰ্বতে বিভিন্ন কাৰণত বাদ পৰি যোৱা ১৯৯৩ চনৰ পহিলা এপ্ৰিলৰ পূৰ্বে নিযুক্তি প্ৰাপ্ত কেজুৱেল বন শ্ৰমিকক ফিক্সড পে সহ শীঘ্ৰে নিযুক্তি প্ৰদান কৰাৰ দাবী জনোৱা হয় । বিশেষকৈ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অনুমোদন দিয়াৰ পাছতো এই পৰ্যন্ত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নকৰা , দৰমহা বঞ্চিত কেজুৱেল শ্ৰমিক সকলে ভোগ কৰি অহা সমস্যাৰ বিষয়ে সভাত বিতং আলোচনা কৰি শীঘ্ৰে সমাধানৰ বাবে বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক অনুৰোধ জনোৱা হয় । উল্লেখযোগ্য যে একেটা নিৰ্দেশৰ ভিত্তিত যোৱা জানুৱাৰী মাহত বি টি এ ডিৰ কেবাটাও বন সংমণ্ডলত প্ৰায় ১৬৫ জন বেতন বঞ্চিত কেজুৱেল বন শ্ৰমিকক ফিক্সড পে সহ নিযুক্তি দিয়া হয় যদিও ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বন সংমণ্ডল সমূহত এই পৰ্যন্ত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নকৰাত কেজুৱেল শ্ৰমিক সকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ।

 

You might also like