Your Voice, Our Strength

মুম্বাইৰ গামখাৰু মহিলা সংগঠনৰ পঞ্চম বাৰ্ষিকী উদযাপন

আজিৰ খবৰ, গুৱাহাটী, ৯ আগষ্ট, ২০২২ : গামখাৰু মহিলা সংগঠনৰ পঞ্চম বাৰ্ষিকী অনুষ্ঠান মুম্বাইত বৰিৱলীত ৭ আগষ্ট দেওবাৰে এক সুন্দৰ পৰিবেশত খুব উলহ মালহেৰে পালন কৰা হয়। অনুষ্ঠানত স্থানীয় নগৰ সেৱিকা তেজস্বী অভিষেক ঘোচালকৰ আৰু শিৱসেনা নেতা অভিষেক ঘোচালকৰে বন্তি প্ৰজ্বলন কৰে। আৰু অনুষ্ঠান আৰম্ভ হয় নামতি জেউতি ফুকন আৰু প্ৰীতি ভাগৱতীৰ নামঘোষাৰে।

সভাত মুখ্য অতিথি হিচাপে যুতিকা মহন্তই গামখাৰুৰ মুখ্যপুথি খন উন্মোচন কৰে আৰু লগতে তেওঁৰ বক্তব্য দাঙি ধৰে।

P&C

উপদেষ্টা মীৰা সোনোৱাল আৰু মাননীয় শৰীৰ চর্চাবিদ সদানন্দ গগৈ দেৱে গীতা শৰ্মাৰ কবিতা পুথি খন ৰাইজলৈ এক মহৎ উদেশ্য লৈ আগবঢ়াই দিয়ে। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান মুখৰিত হৈ উঠে প্ৰসিদ্ধ গায়িকা ৰূপজ্যোতি দেৱী আৰু শ্বাস্বতী ফুকনৰ কাটা লাগা গীতেৰে। লগতে গামখাৰুৰ অসমীয়া জনগোষ্ঠীৰ মিশ্ৰিত শিশুৰ দলীয় নৃত্য, গামখাৰু মহিলা দলৰ সমবেত সংগীত , ৰঞ্জু বৰুৱাৰ নেতৃত্বত জেং বিহু , ডঃ ধৃতি নয়না দাসৰ নেতৃত্বত লাউনি নৃত্য আৰু বেংগলী সমাজৰ বেংগলী নৃত্যই গোটেই সভকখনৰ সৌষ্ঠৱ বঢ়াই তোলে। সভাখনৰ আঁত ধৰে শ্ৰী ময়ী শইকীয়া আৰু শৰ্মি গগৈয়ে। গামখাৰুৰ কাৰ্যকলাপৰ বিষয়ে আভাস দি সাধাৰণ সম্পাদিকা গীতা শৰ্মাই বিভিন্ন ভিডিওৰ দ্বাৰা প্ৰতিবেদন খন দাঙি ধৰাৰ লগতে খুব কম সময়ৰ ভিতৰতে কেইবা গৰাকীও কৰ্কট ৰোগীক আৰ্থিক সহায়ৰ হাত আগবঢ়োৱাৰ পৰিকল্পনাৰ আভাস দিয়ে।

তাৰোপৰি অসম ভৱন মুম্বাইৰ পৰা ত্রিনয়ন সন্দিকৈ, বিশিষ্ট গায়ক জয় বৰুৱা আৰু বিশিষ্ট সংগীতকাৰ যতীন শৰ্মাৰ উপস্থিতিয়ে সকলোকে উৎসাহিত আৰু অনুপ্ৰাণিত কৰি তোলে ।

অনুষ্ঠানত চাহ জলপান তামোল পাণ লগতে নৈশ আহাৰেৰে অতিথি সকলক আপ্যায়ন কৰি গামখাৰু সদস্য ৰীতা শইকীয়া , মিনাক্ষী ফুকন, উদ্বিতা ভট্টাচাৰ্য, ৰুণুমি বৰুৱা, নিৰ্মালি বুজৰবৰুৱা ইন্দ্ৰানী দত্ত, জেকলিন গোহাঁই, পপী বৰা , জ্যোৎষ্ণা শইকীয়া আৰু ৰুমী ডেকা, অসীমা শইকীয়া , ৰিংকু পাঠক , অবন্তিকা দাস, গীতালি কোঁৱৰ, ইন্দ্ৰানী বৈশ্য আৰু ৰেখা বৰাকে ধৰি আটাইয়ে এক সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰে। সভাখনৰ অন্তত বাঁহীবাদক অৰূপ গোহাঁইৰ বাঁহীৰ সুৰ আৰু উদীয়মান গায়ক হৃদয় কাশ্যপৰ মনোমোহা গীতৰ পৰিবেশনে শ্ৰোতাৰ মন মুগ্ধ কৰে ।

You might also like