Your Voice, Our Strength

চুবুৰীয়া মেঘালয়ৰ নংপোৰ মাৰাংগাৰত চলি আছে এমহীয়া ভাদ মাহৰ নাম : উলহ – মালহৰে উদযাপন জন্মাষ্টমী উৎসৱ

আজিৰ খবৰ, গুৱাহাটী , ২২ আগষ্ট, ২০২২ : অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অবিহনে অসম আৰু অসমীয়াৰ পৰিচয় সদায় আধৰুৱা হৈ ৰব । তাহানিতে এই মন্তব্য কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা , ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাকে ধৰি বহু মহান নমস্য ব্যক্তিয়ে । আনহাতে ভাদ মাহত মহাপুৰুষ দুজনা ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাব তথা মহাপ্ৰয়াণ হোৱা বাবে অসমৰ জনজীৱনত ভাদ মাহক পৱিত্ৰ জ্ঞান কৰি অহা হৈছে । যাৰ বাবে অসমৰ সকলো সত্ৰ , নামঘৰ সমূহত ভাদ মাহ আৰম্ভ হোৱাৰ দিনাৰ পৰাই মহাপুৰুষ দুজনাক স্মৰণ কৰি দৈনিক নাম – প্ৰসংগ পৰিবেশন কৰা হয় । যাৰ বাবে ভাদ মাহ হৈ পৰিছে অসমৰ জনজীৱনৰ এক গুৰুত্বপূৰ্ণ মাহ । এই নাম – প্ৰসংগৰ সামৰণি পৰে ভাদ মাহৰ শেষৰ দিনটোত । বেছিভাগ সত্ৰ বা নামঘৰত পুৰুষ – মহিলাই একেলগে বা সুকীয়াকৈ নাম প্ৰসংগ পৰিৱেশন কৰি আহিছে । এক কথাত কবলৈ গলে ভাদ মাহটোত হৰি নামেৰে মুখৰিত হৈ থাকে সত্ৰ আৰু নামঘৰ সমূহ । ইফালে অসমৰ জনজীৱনৰ অভিন্ন অংগ স্বৰূপ ভাদ মাহটোক লৈ ব্যস্ত থাকে অসমৰ বাহিৰত থকা অসমীয়া লোকসকলো । আনকি ৰাজধানী দিছপুৰৰ পৰা প্ৰায় ৪০ কিঃমিঃ নিলগৰ চুবুৰীয়া মেঘালয়ৰ ৰিভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা প্ৰায় ৭ কিঃমিঃ ভিতৰত মাৰাংগাৰ নামৰ জনজাতি প্ৰধান অঞ্চলটোত আছে কেবাখনো গাঁও । পৰিস্থিতিৰ তাগিদাত পৰি বহিঃ ৰাজ্যত থাকিলেও তাৰ বাসিন্দা সকলে এতিয়াও শিপা এৰি দিয়া নাই । অবিভক্ত অসমত থকাৰ সময়তে তেওঁলোকে তাত স্থাপন কৰিছিল শ্ৰীমন্ত শংকৰদেৱ হাইস্কুল। তাৰ ওচৰতে আছে শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ । নামঘৰটোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম শাখা “পৰমানন্দ প্ৰাথমিক শাখা মাৰাংগাৰ নামঘৰ” নামে তাত পৰিচিত । নামঘৰৰ সভাপতি জয়মালা বি বিনং আৰু সম্পাদক যুগেশ মাৰৱেটে জানিবলৈ দিয়া মতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অবিহনে অসমীয়াৰ অস্তিত্বৰ কথা কল্পনাই কৰিব নোৱাৰি । আনহাতে তেওঁলোকৰ পিতৃ পুৰুষৰ দিনাৰে পৰা নামঘৰত ভাদ মাহত পুৰুষ – মহিলা সকলে এমহীয়া নাম – প্ৰসংগত ভাগ লৈ আহিছে । বিগত দুটা বর্ষত কভিডৰ বাবে মেঘালয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি অতি সীমিত পৰিসৰত অনুষ্ঠিত কৰা হৈছিল । কিন্তু এইবেলি কভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাদ মাহৰ প্ৰথম দিনটোৰ পৰাই নাম প্ৰসংগ আৰম্ভ হৈছে । যত পুৰুষ মহিলা নিৰ্বিশেষে অঞ্চলটোৰ গাঁৱৰ ৰাইজে ভাগ লৈছে । ইয়াৰ মাজতে ১৯ আগষ্টত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ দিনযোৰা কাৰ্যসূচীৰে উলহ মালহৰে উদযাপন কৰা হয় । সিদিনা দিনত মহিলা সকলে আৰু নিশা পুৰুষৰ সকলে নাম প্ৰসংগ পৰিবেশন কৰে ।

You might also like