Your Voice, Our Strength

শ্বিলঙৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাব তিথি উদযাপনৰ আয়োজন

আজিৰ খবৰ, গুৱাহাটী , ২২ আগষ্ট, ২০২২ : অবিভক্ত অসমৰ এসময়ৰ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ অন্যতম কেন্দ্ৰস্বৰূপ শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই জন্মলগ্নৰে পৰা শ্বিলং চহৰকে কাষৰীয়া অঞ্চলত মহাপুৰুষ দুজনাৰ আদৰ্শ – কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে । আনকি শ্বিলঙত থকা অসমীয়া লোক আৰু মহাপুৰুষ দুজনাৰ অনুগামী লোক সকলক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই । আনহাতে কৃষ্টি কেন্দ্ৰই বিগত বছৰৰ দৰে এইবেলিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পূণ্য তিৰোভাব তিথি , আবিৰ্ভাৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰিছে । কৃষ্টি কেন্দ্ৰৰ সভাপতি মীনাৰাম বৰা , সাধাৰণ সম্পাদক শোনিত কুমাৰ ফুকন আৰু সহকাৰী সম্পাদক ডঃ পৰাগ নাথে জানিবলৈ দিয়া মতে অহা ২৯ আগষ্টত দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উদযাপন কৰা হব । সিদিনা পুৱা ৫ বজাত প্ৰভাত ফেৰীৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব । তাৰ পাছত ৭.৩০ বজাত খোল প্ৰসংগ , ১০ বজাৰ পৰা সমূহীয়া নাম , বিয়লি ২ বজাৰ পৰা আই সকলৰ নাম আৰু সন্ধিয়া ৬.৩০ বজাৰ পৰা ভাওনা অনুষ্ঠিত হব । তেনেদৰে অহা ১৫ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাব তিথি উদযাপন কৰা হব । সিদিনা দিনৰ ১০ বজাত সমূহীয়া নাম প্ৰসংগৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব । বিয়লি ২ বজাৰ পৰা আই সকলৰ নাম অনুষ্ঠিত হব । তেনেদৰে অহা ৫ অক্টোবৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ অনুষ্ঠিত হব। আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথিৰ লগত সংগতি ৰাখি আজি কেন্দ্ৰৰ নামঘৰ প্ৰাংগণত বিয়লি ৩ বজাৰ পৰা এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হয় । ইয়াৰ উপৰি অহা ২৮ আগষ্টৰ দিনা সন্ধিয়া দেৱকুমাৰ দাস স্মৃতি ভৱনত এখন কৃষ্টি সভা অনুষ্ঠিত হব । ইতিমধ্যে মহাপুৰুষ দুজনাৰ তিথি উপলক্ষে ১৪ আগষ্টত ৰচনা , চিত্ৰাংকণ , দিহানাম আৰু বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । তেনেদৰে ১৯ আগষ্টত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ উলহ – মালহৰে উদযাপন কৰা হয় । আনহাতে কাৰ্যসূচী সমূহ সুচাৰুভাৱে সম্পন্ন কৰিবলৈ যুগল শৰ্মাক সভাপতি আৰু টিকেন্দ্ৰজিৎ তালুকদাৰক সম্পাদক হিচাপে লৈ এখন সাংস্কৃতিক শাখা সমিতি গঠন কৰা হৈছে । ইয়াৰ উপৰি মহেশ খাটনিয়াৰক সভাপতি , বাবুলাল হাজৰিকাক সম্পাদক আৰু বিজয় ৰাজবংশীক সহকাৰী সম্পাদক হিচাপে লৈ নামঘৰ শাখা সমিতি এখন গঠন কৰা হৈছে । উদ্যোক্তা সকলে আটাইকেইদিনৰ কাৰ্যসূচীতে শ্বিলংবাসী অসমীয়া সমাজ আৰু শুভাকাংক্ষী ৰাইজৰ সহায় – সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে । উল্লেখযোগ্য যে শ্বিলঙৰ ধানখেতিস্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ নামঘৰ আৰু লাবানস্থিত লাবান অসমীয়া নামঘৰতো ভাদ মাহৰ পহিলা দিনটোৰ পৰা চলি আছে এমহীয়া ভাদ মহীয়া নাম ।

You might also like