Your Voice, Our Strength

ৰাণীত চি আৰ পি এফৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ

আজিৰ খবৰ, গুৱাহাটী , ২৫ আগষ্ট, ২০২২ : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ( চি আৰ পি এফ ) পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫বেটেলিয়ান মুখ্য কাৰ্যালয়ে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে ৰাণীৰ অসম – মেঘালয় সীমান্তৱৰ্তী মৈৰাপুৰ প্ৰাথমিক বিদ্যালয় চৌহদত আজি ছাত্ৰ ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজৰ বাবে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ অনুষ্ঠিত কৰে । আনহাতে ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত শিবিৰটো উদ্ধোধন কৰে ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই । আনহাতে এই উপলক্ষে অনুষ্ঠিত শিবিৰত ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জয়ন্ত কলিতা , ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ , মৈৰাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক , স্থানীয় গাওঁবুঢ়াকে ধৰি কেবাজনো বিশিষ্ট লোক , ১৭৫ চি আৰ পি এফৰ ডেপুটী কমাণ্ডেণ্ট আব্দুল ৰহিম আৰু আৰু ৰবি কুমাৰ শ্ৰীবাস্তব , চুৱেদাৰ মেজৰ এছ এল অৰুণ কুমাৰকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া – জোৱান উপস্থিত থাকে । ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীকে ধৰি প্ৰায় ৩০০ জনমান লোক উপস্থিত থকা শিবিৰত ১৭৫ চি আৰ পি এফৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ দ্বিতী বুৰলে , ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ক্ৰমে – ডাঃ অবিনাশ কলিতা , ডাঃ কুমাৰ ৰত্নদীপ , ডাঃ বিনীতা কোঁৱৰৰ নেতৃত্বত এটা স্বাস্থ্যকৰ্মীৰ দলে উপস্থিত লোক সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ওষধ বিতৰণ কৰে ।

You might also like