Your Voice, Our Strength

গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান

আজিৰ খবৰ, গুৱাহাটী , ২৫ আগষ্ট, ২০২২ : বেদখলকাৰী উচ্ছেদ কৰাৰ পাছতো চেগ বুজি গুৱাহাটীৰ পাহাৰ , সংৰক্ষিত বনাঞ্চলত একাংশ বেদখলকাৰীয়ে কৌশলেৰে অব্যাহত ৰাখিছে বেদখল কার্য । আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ বাবে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল সমূহ যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিবলৈ বন বিভাগক প্ৰায় এমাহ পূৰ্বে অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত নিৰ্দেশ দিছিল। আনকি মুখ্যমন্ত্ৰীয়ে বনাঞ্চলত নতুনকৈ যাতে বেদখলৰ ঘটনা সংঘটিত নহয় তাৰ ওপৰতো চকু ৰাখিবলৈ বন বিভাগক নিৰ্দেশ দিছে । ইফালে পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই খণ্ড বন বিষয়া সকলক নিজ নিজ এলেকাত নতুনকৈ হোৱা বেদখল সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । ডি এফ অৰ নিৰ্দেশৰ পাছতেই গুৱাহাটীৰ বশিষ্ঠ খণ্ড বন কাৰ্যালয়ে আজি কুৰি দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বেহাৰবাৰী ( সেউজ নগৰ ) অঞ্চলত এক বৃহৎ উচ্ছেদ অভিযান চলায় । বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি বশিষ্ঠৰ খণ্ড বন বিষয়া পুলিন মহন্তৰ নেতৃত্বত খণ্ড বন কাৰ্যালয়ৰ এটা বনকর্মীৰ দলে দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকর্মীৰ সহযোগত চলোৱা অভিযানত নতুনকৈ নিৰ্মাণ কৰা ১১ টা টিনৰ চালি ঘৰ উচ্ছেদ কৰা হয় । অৱশ্যে বন বিভাগৰ অভিযানকাৰী দলটো তাত উপস্থিত হোৱাৰ পাছতেই বেদখলকাৰী সকল কৌশলেৰে আঁতৰি যায় । ফলত এই সন্দৰ্ভত অভিযানকাৰী দলটোৱে কোনো বেদখলকাৰীক আটক কৰিব নোৱাৰিলে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আজি উচ্ছেদ কৰা স্থানৰ ওচৰতে ৩ আগষ্টৰ দিনা খণ্ড বন বিষয়া পুলিন মহন্তৰ নেতৃত্বত এটা বনকর্মীৰ দলে নতুনকৈ সজা ১৪ টা টিনৰ চালিঘৰ উচ্ছেদ কৰিছিল ।

You might also like