Your Voice, Our Strength

পশ্চিম গুৱাহাটীৰ আদৰ্শ গাঁও হিচাপে ঘোষিত মাজিৰগাঁও গাঁও পঞ্চায়তত আদৰ্শ অংগনবাদী কেন্দ্ৰসহ তিনিটা প্ৰকল্প উদ্ধোধন বিধায়কৰ

আজিৰ খবৰ, গুৱাহাটী , ২৬ আগষ্ট, ২০২২ : পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ আদৰ্শ গাঁও হিচাপে ঘোষিত মাজিৰগাঁও গাঁও পঞ্চায়ত এলেকাত বিগত সময়চোৱাত আদৰ্শ গাঁও আঁচনিৰ অধীনত বিভিন্ন উন্নয়ন মূলক কাম কৰি থকা হৈছে । ইয়াৰ ভিতৰত আগছিয়াস্থিত পলাশবাৰী আঞ্চলিক হাইস্কুলত চতুৰ্দশ বিত্তীয় আয়োগৰ ধনৰ সুতৰ টকাৰে প্ৰায় ১০ লাখ টকা ব্যয়ৰে এটা চাইকেল ষ্টেণ্ড নিৰ্মাণ কৰাৰ লগতে প্ৰায় ৭লাখ টকা ব্যয়ৰে প্ৰেক্ষাগৃহ , পুথিভঁৰাল আৰু কম্পিউটাৰ গৃহটো পুনৰ নির্মাণ কৰা হৈছে । তেনেদৰে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে ২৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে ১৩ নং বৰঝাৰ আদৰ্শ অংগনবাদী কেন্দ্ৰ । আনহাতে আজি তিনিওটা প্ৰকল্প উদ্ধোধন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যই আঁত ধৰা সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মাজিৰগাঁওক যিটো উদেশ্য আগত ৰাখি আদৰ্শ গাঁও হিচাপে ঘোষণা কৰা হৈছে তাৰ প্ৰতিটো দফা ৰূপায়ণ কৰি যথার্থতে আদৰ্শ গাঁও আঁচনিখন ৰূপায়িত কৰা হব বুলি সদৰি কৰি এইক্ষেত্ৰত ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায় । সভাত ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জয়ন্ত কলিতা , সহকাৰী অভিযন্তা নব লহকৰ , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , সদস্য নিজৰা কলিতা , অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা , কামৰূপ জিলা কমিটিৰ সম্পাদক পৰেশ বৰুৱা , পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , মাজিৰগাঁও গাঁও পঞ্চায়তৰ সচিব পবিত্ৰ চৌধুৰী , অভিযন্তা ৰূপম নাথ , অঞ্চলটোৰ বহু বিশিষ্ট লোক উপস্থিত থাকে ।

P&C
You might also like