Your Voice, Our Strength

ডা:হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত যোগ বিকাশ কেন্দ্ৰ

আজিৰ খবৰ, গুৱাহাটী, ৩০ আগষ্ট, ২০২২ : ডা:হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত সুদৰ্শনালয়ৰ প্ৰাংগনত এক যোগ বিকাশ কেন্দ্ৰ মুকলি কৰা হব। বৃহত্তৰ গুৱাহাটীবাসী ৰাইজৰ সুস্থ সবল আৰু নিৰোগী স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই যোগ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হব। য’ত প্ৰতিদিনে পুৰুষ-মহিলা, ছাত্ৰ-ছাত্ৰী, বয়োজ্যেষ্ঠ সকলো লোকৰ বাবেই পুৱা ৬ বাজি ৩০ মিনিটৰ পৰা ৭ বাজি ৩০ মিনিটলৈ আৰু আবেলি ৬ বজাৰ পৰা ৮ বজালৈ এই যোগ কেন্দ্ৰত , উপযুক্ত যোগ প্ৰশিক্ষকৰ জৰিয়তে, যোগৰ প্ৰশিক্ষণ প্ৰদান কৰা হব।

You might also like