Your Voice, Our Strength

এনএফআইআৰৰ চেকেন্দ্ৰাবাদৰ ৰাষ্ট্ৰীয় অভিবৰ্তনলৈ এন এফ ৰেলৱে এম্পল’য়িজ ইউনিয়নৰ ১,৫০০ জনীয়া প্ৰতিনিধি দলৰ যাত্ৰা

আজিৰ খবৰ, গুৱাহাটী, ৩ ছেপ্টেম্বৰ, ২০২২ : ভাৰতীয় ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেন চমুকৈ এনএফআইআঁৰৰ ৩০ সংখ্যক ৰাষ্ট্রীয় অভিবৰ্তনখন তিনিদিনীয়া কাৰ্যসূচীৰে অহা ৫ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ অন্ধ্ৰপ্ৰদেশৰ চেকেন্দ্ৰাবাদত অনুষ্ঠিত হব । আনহাতে অভিবৰ্তনত ভাগ লোৱাৰ বাবে এনএফআইআৰৰ স্বীকৃতিপ্ৰাপ্ত সংগঠন তথা উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পল’য়িজ ইউনিয়নৰ এটা ১,৫০০ জনীয়া প্ৰতিনিধি দল বিশেষ ৰেলেৰে বুধবাৰে নিশা গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনৰ পৰা যাত্ৰা কৰিছে । বিশেষ ৰেলখন যোৱানিশা ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । এনএফআইআৰৰ যুটীয়া সাধাৰণ সম্পাদক আৰু এম্পল’য়িজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নেতৃত্বত যাত্ৰা কৰা দলটোত ইউনিয়নৰ ৫ টা সংমণ্ডল আৰু ৫৫ টা শাখাৰ কৰ্মকর্তা , সদস্যসহ প্ৰায় ১,৫০০ জন প্ৰতিনিধিয়ে এনএফআইআৰৰ ৰাষ্ট্ৰীয় অভিবৰ্তনত ভাগ লব । আনহাতে এম্পলয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে ৫ ছেপ্টেম্বৰত পুৱা ১০ বজাত আৰম্ভ হবলগীয়া অভিবৰ্তনখনৰ ৭ ছেপ্টেম্বৰৰ নিশা সামৰণি পৰিব । ইয়াৰ উপৰি অভিবৰ্তনত নতুন পেন্সন নীতি বাতিল কৰা ,অষ্টম বেতন আয়োগ গঠন কৰা , ৰেলৱেৰ ব্যক্তিগতকৰণ কৰা কাৰ্য বন্ধ কৰা , ৰেলৱেৰ খালী পদৰ বিপৰীতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ দাবী সন্দৰ্ভত আলোচনা কৰা হব ।

You might also like