
এনভিচিএলৰ পৰা কুইকোবুকৰ ১ কোটি টকা সংগ্ৰহ, গুৱাহাটী আৰু শিলচৰত চাৰ্জাৰী কেয়াৰ এছিষ্টেঞ্চ আৰম্ভ
আজিৰ খবৰ, গুৱাহাটী, ১০ ছেপ্টেম্বৰ, ২০২২ : কুইকোবুকে মেট্ৰ’ চহৰসমূহলৈ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে এনভিচিএল (নেডফি ভেঞ্চাৰ কেপিটেল লিমিটেড)ৰ পৰা ১ কোটি টকাৰ পুঁজি সংগ্ৰহ কৰিছে।
এনভিচিএলৰ ধনেৰে কোম্পানীটোৱে চাৰ্জাৰী কেয়াৰ এছিষ্টেঞ্চ আৰম্ভ কৰিছে য’ত পিক এণ্ড ড্ৰপৰ পৰা ভৰ্তি আৰু অব্যাহতিলৈকে অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলো সাহায্য, সুবিধা আদায়ৰ লগতে আৰ্থিক সাহায্যৰ ক্ষেত্ৰত ৪৮ঘণ্টাৰ ভিতৰত ৫লাখ পৰ্যন্ত লাভ কৰিব পাৰি। কুইকোবুকে উত্তৰ-পূবৰ ৰোগীসকলৰ বাবে চাৰ্জাৰী কেয়াৰ এছিষ্টেঞ্চ আৰম্ভ কৰিছে আৰু বৰ্তমান বেংগালুৰু, হায়দৰাবাদ, চেন্নাই আদিৰ দৰে মেট্ৰ’ চহৰসমূহলৈ স্থানান্তৰিত হৈ আছে।

এই উপলক্ষে কুইকোবুকৰ প্ৰতিষ্ঠাপক বিশ্বজিৎ পলে কয় যে,“আমি কুইকোবুকক সমগ্ৰ উত্তৰ-পূবলৈ সম্প্ৰসাৰিত কৰিছো, ডাক্তৰৰ এপইণ্টমেণ্ট বুকিং কৰা, মেডিচিন ডেলিভাৰী, লেব টেষ্ট বুকিং কৰাৰ পৰা আৰম্ভ কৰি আমাৰ হাতত সকলো প্ৰয়োজনীয় সেৱা আছে আৰু এতিয়া গুৱাহাটী আৰু শিলচৰতো আমাৰ চাৰ্জাৰী কেয়াৰ আছে।”