Your Voice, Our Strength

চেকেন্দ্ৰাবাদত এনএফআইআৰৰ ৰাষ্ট্ৰীয় অভিবৰ্তনৰ সামৰণি ; মুনীন্দ্ৰ শইকীয়া পুনৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত

আজিৰ খবৰ, গুৱাহাটী , ১০ ছেপ্টেম্বৰ, ২০২২ : ভাৰতীয় ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেন চমুকৈ এনএফআইআঁৰৰ ৩০ সংখ্যক ৰাষ্ট্রীয় অভিবৰ্তনখন তিনিদিনীয়া কাৰ্যসূচীৰে ৫ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ অন্ধ্ৰপ্ৰদেশৰ চেকেন্দ্ৰাবাদত অনুষ্ঠিত হৈ যায় । আনহাতে অভিবৰ্তনত এনএফআইআৰৰ স্বীকৃতিপ্ৰাপ্ত সংগঠন তথা উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পল’য়িজ ইউনিয়নৰ এটা ১,৫০০ জনীয়া প্ৰতিনিধি দল বিশেষ ৰেলেৰে গৈ ভাগ লৈছিল । আনহাতে অভিবৰ্তনত এনএফআইআৰৰ যুটীয়া সাধাৰণ সম্পাদক আৰু এম্পল’য়িজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া আগন্তক কাৰ্যকালৰ বাবে পুনৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে । এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে ৭ ছেপ্টেম্বৰ শেহৰ দিনা নিশা অভিবৰ্তনৰ সামৰণি পৰিব । ইয়াৰ পূৰ্বে অনুষ্ঠিত বিষয় বাচনি সভাত শ্ৰমিক নেতা গুমন সিঙক সভাপতি , ডঃ এম ৰাঘভাইয়াক সাধাৰণ সম্পাদক , মুনীন্দ্ৰ শইকীয়াক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ এন এফ আই আৰৰ ১৭ জনীয়া কাৰ্যকৰী কমিটিখন গঠন কৰা হয় । তেনেদৰে শেখৰ দাসক উত্তৰ পূব সীমান্ত ৰেলৱেৰ মাণ্ডলিক সম্পাদক হিচাপে লৈ এখন দহজনীয়া মাণ্ডলিক কমিটি গঠন কৰা হৈছে । কমিটিৰ সদস্য সকল হল ক্ৰমে – দিগন্ত কুমাৰ বৰুৱা , জোন দাস , পাৰ্থ ভৌমিক , ৰুবুল বৰুৱা , পি কে ৰোষ্টগী , ডি এন নেওগ , শান্তনু দত্ত , সুজিত মিশ্ৰ , কস্তুৰী দত্ত আৰু পি মজুমদাৰ । উল্লেখযোগ্য যে অভিবৰ্তনত নতুন পেন্সন নীতি বাতিল কৰা ,অষ্টম বেতন আয়োগ গঠন কৰা , ৰেলৱেৰ ব্যক্তিগতকৰণ কৰা কাৰ্য বন্ধ কৰা , ৰেলৱেৰ খালী পদৰ বিপৰীতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ দাবী সন্দৰ্ভত আলোচনা কৰি সেই দাবী সমূহ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনোৱা হয় । জানিব পৰা মতে বিশেষ ৰেলযোগে যাত্ৰা কৰা ১,৫০০ জনীয়া দলটোৱে আজি বিয়লি চেকেন্দ্ৰাবাদৰ পৰা ৰাওনা হৈছে । অহা ১২ ছেপ্টেম্বৰত বিশেষ ৰেলখন গুৱাহাটীত আহি উপস্থিত হোৱাৰ কথা ।

You might also like