Your Voice, Our Strength

নীটত স্থান লাভ কৰা এফিনিতী গ্ৰপৰ ৯৬ জন শিক্ষার্থীক সম্বৰ্ধনা

আজিৰ খবৰ, গুৱাহাটী , ১২ ছেপ্টেম্বৰ, ২০২২ : চিকিৎসা বিজ্ঞানত অধ্যয়নৰ বাবে অনুষ্ঠিত হৈ যোৱা সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ পৰীক্ষাত ( নীট ) গুৱাহাটীৰ ৰাজগড়স্থিত এফিনিতী গ্ৰুপ অফ ইনষ্টিটিউটচনৰ ৯৬ জন শিক্ষাৰ্থীয়ে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । আজি সফলতা লাভ কৰা শিক্ষাৰ্থী সকলৰ লগতে শিক্ষক সকলক প্ৰতিষ্ঠান চৌহদত সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষে অনুষ্ঠিত এক সংবাদ মেলত প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালক পৱন হাজৰিকাই কয় – শিক্ষাৰ্থী সকলৰ ২ জনে ৭২০ নম্বৰৰ ভিতৰত ৬৫০ নম্বৰ , ৯ জনে ৬০০ নম্বৰ আৰু ৮৫ জনে ৫৫০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৭ চনৰ ২৩ নৱেম্বৰত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থী সকলক একো একোজন চিকিৎসক , অভিযন্তা হিচাপে গঢ় দিয়াৰ লক্ষৰে ৰাজগড়ত প্ৰথমটো কেন্দ্ৰ স্থাপন কৰাৰ পাছত ২০১৮ চনত জি এছ ৰোডৰ এ বি চি পইণ্টৰ সমীপত দ্বিতীয় , ২০২০ চনত ৰূপনগৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত তৃতীয় আৰু চলিত বৰ্ষত কাহিলীপাৰাৰ জোনাক নগৰত চতুৰ্থটো কেন্দ্ৰ স্থাপন কৰা হৈছে । আনকি কিছুদিন পূৰ্বে নতুন দিল্লীৰ ৰাষ্ট্রীয় ৰাজধানী ক্ষেত্ৰৰ চেক্টৰ – ১৪ ত প্ৰতিষ্ঠানখনৰ মুখ্য কাৰ্যালয়টো স্থাপন কৰা হৈছে । এতিয়া গুৱাহাটীৰ চাৰিটা আৰু নতুন দিল্লীৰটোৰ সৈতে প্ৰতিষ্ঠানখনৰ পাঁচোটা কেন্দ্ৰ স্থাপন কৰা হৈছে । বিগত সময়চোৱাত প্ৰতিষ্ঠানখনৰ প্ৰায় ২৩০ জন শিক্ষাৰ্থীয়ে চিকিৎসক হোৱাৰ সপোন পূৰ্ণ কৰিছে বুলি পৱন হাজৰিকাই সদৰি কৰে ।

You might also like