Your Voice, Our Strength

বেলতলা লক্ষ্মী মন্দিৰৰ প্ৰাংগনত জনসংখ্যা সমাধান ফাউণ্ডেশন অসমৰ গুৰুত্বপূৰ্ণ বৈঠক

আজিৰ খবৰ, গুৱাহাটী, ১৬ ছেপ্তেম্বৰ, ২০২২ : গুৱাহাটীৰ বেলতলাস্থিত লক্ষ্মী মন্দিৰ প্ৰাঙ্গনত জনসংখ্যা সমাধান ফাউণ্ডেশন (জেএছএফ) অসমৰ এখনি সভা অনুষ্ঠিত হয়। সভাত ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশনে ২০২২-২৩ বৰ্ষৰ বাবে নিয়োগ কৰা জেএছএফ অসমৰ নব নিযুক্ত অধ্যক্ষ  পংকজ তালুকদাৰ আৰু জেএছএফ অসমৰ নব নিযুক্ত মহিলা শক্তিৰ অধ্যক্ষা  ৰঞ্জিতা ৰাজক দায়িত্বভাৰ অৰ্পন কৰি সম্বৰ্দ্ধনা জনোৱা হয়।

সভাত সদ্য প্ৰাক্তন ৰাজ্যিক অধ্যক্ষ ড০ হৰেন্দ্ৰ বৰাই অভিনন্দন সূচক বক্তব্য ৰখাৰ লগতে, জেএছএফৰ ৰাষ্ট্ৰীয় সভাপতি  অনিল চৌধুৰী দেৱে ভাৰ্চুৱেল ভাষণ ৰাখে। আজিৰ সভাই জেএছএফৰ জিলা সমিতি সমূহক পুনৰ মান্যতা দিয়াৰ বাবে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে আগন্তুক ২৭ নবেম্বৰত নতুন দিল্লীৰ যন্তৰ-মন্তৰত অনুষ্ঠিত হবলগীয়া সৰ্বভাৰতীয় জনসংখ্যা আইন সমাৰোহত অসমৰ পৰা এটা বৃহৎ প্ৰতিনিধিৰ দলে অংশ গ্ৰহণ কৰাৰ বিষয়ৰ বিভিন্ন দিশত আলোকপাত কৰে। ২০২৩ চনৰ অক্টোবৰ মাহত জেএছএফৰ ৰাষ্ট্ৰীয় অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হব। এই বিষয়ে প্ৰস্তুতিৰ ওপৰতো বিষদ আলোচনা হয়।

 

P&C

উল্লেখযোগ্য যে জেএছএফ অসমৰ সদ্য প্ৰাক্তন অধ্যক্ষ ড০ হৰেন্দ্ৰ বৰাক ৰাষ্ট্ৰীয় জেএছএফৰ উপাধ্যক্ষ হিচাপে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে নিয়োগ কৰে। লগতে ৰাষ্ট্ৰীয় জেএছএফে ড০ বৰাক অসম জেএছএফৰ প্ৰভাৰী হিচাপেও অতিৰিক্ত দায়িত্ব অৰ্পণ কৰে। আনহাতে জেএছএফ অসমৰ মহিলা শক্তিৰ প্ৰাক্তন অধ্যক্ষা শ্ৰীমতী ৰুবী সিংহক ৰাষ্ট্ৰীয় মহিলা শক্তিৰ এগৰাকী উপাধ্যক্ষা হিচাপে নিয়োগ কৰা হয়। আজিৰ সভাত দুয়োগৰকী ৰাষ্ট্ৰীয় উপাধ্যক্ষক সম্বৰ্দ্ধনা জনোৱা হয়।

নব নিযুক্ত জেএছএফৰ কাৰ্যকৰ্তা সকল হৈছে-

১। ড০ হৰেন্দ্ৰ বৰা, ৰাষ্ট্ৰীয় উপাধ্যক্ষ, ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশন আৰু জেএছএফ অসমৰ প্ৰভাৰী।

২। ৰুবী সিংহ, মহিলা শক্তিৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষা,

৩। পংকজ তালুকদাৰ, অসম ৰাজ্যিক জেএছএফৰ অধ্যক্ষ।

৪। ৰঞ্জিতা ৰাজ, অসম ৰাজ্যিক মহিলা শক্তিৰ অধ্যক্ষা।

You might also like