Your Voice, Our Strength

কামৰূপ গ্ৰাম্যত গ্ৰামাঞ্চলৰ মহিলা উদ্যমীসকলৰ বাবে ধৃতি আৰু ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ তৰফৰ পৰা উদ্যমিতা মেলা

আজিৰ খবৰ, কামৰূপ গ্ৰাম্য, ২০ ছেপ্টেম্বৰ, ২০২২ : ধৃতি- দ্য কাৰেজ ৱিদিন আৰু ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনে আজি কামৰূপ গ্ৰামৰ অন্তৰ্গত বামুণী গাঁও শিবিৰৰ শান্তি নিজৰা ক্লাবত উদ্যমিতা মেলা, ২০২২ আয়োজন কৰে। ছয়গাওঁ/ বনগাঁও অঞ্চলৰ মহিলা উদ্যমীসকলৰ প্ৰচেষ্টাক উদগনি জনোৱাৰ অৰ্থে তথা এই অঞ্চলৰ শাখা উন্নয়ন কাৰ্যালয়ৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থা তথা আত্ম- সহায়ক গোটসমূহৰ উপৰি ব্যক্তিগতভাৱে কাম কৰি অহা উদ্যমীসকলক একগোট হৈ ওলাই আহিবলৈ আৰু গ্ৰামাঞ্চলৰ মহিলা উদ্যমীসকলৰ বাবে একক ব্যৱস্থা এটা তৈয়াৰ কৰাৰ বাবে এই অনুষ্ঠান আয়োজন কৰা হয়।

উদ্যমিতা মেলাতেই প্ৰজেক্ট প্ৰগতিক (তামোল গছৰ পাতৰ পৰা প্লেট নিৰ্মাণ উন্নয়ন উদ্যোগ) কৃতকাৰ্য্যতাৰে কাৰ্যত ৰূপায়ণ হোৱা বুলিও অভিহিত কৰা হয়। এই উদ্যোগত ধৃতি- দ্য কাৰেজ ৱিদিন আৰু ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনে ছয়গাওঁ অঞ্চলৰ তামোল প্লেট মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ লগত অংশীদাৰ হিচাপে জড়িত হৈ আছে। এই উদ্যমিতা মেলাই প্ৰজেক্ট প্ৰগতিৰ সৈতে চাৰি বছৰীয়া যাত্ৰাত জড়িত থকা মহিলা উদ্যমীসকলক সন্মানিত কৰে।

P&C

অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে ছয়গাওঁ সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰেকিবুদ্দিন আহমেদ। ইয়াৰোপৰি, ইণ্টাৰগ্লোব ফাউণ্ডেশ্যন তথা তামোল প্লেট মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ সন্মানীয় অতিথিসকল আৰু প্ৰতিনিধিসকলো উদ্যমিতা মেলাত উপস্থিত আছিল ।

এই অনুষ্ঠানটি গ্ৰামাঞ্চলৰ মহিলা উদ্যমীসকলৰ বাবে শিক্ষামূলক আৰু অংশীদাৰৰ মঞ্চ হিচাপে নিৰ্মাণ কৰা হয়। অনুষ্ঠানটিৰ সময়বিধিসমূহ শাখা উন্নয়ন কাৰ্যালয়ৰ জৰিয়তে বনগাঁও আৰু ছয়গাওঁ শাখা কাৰ্যালয়ে কৃষিজাত আৰু অ-কৃষিজাত জীৱিকা, সংযোজিত বিত্তীয় আৰু ডিজিটেল বিত্তৰ কাৰ্য্যত ৰূপায়ণৰ বিষয়ে প্ৰদান কৰে।

ব্লু প্লেনেট এমালগেমেশ্যনৰ প্ৰতিষ্ঠাপক শ্ৰী ৰূনা ৰফিক আৰু এম্বি গোল্ড, গুৱাহাটীৰ প্ৰতিষ্ঠাপক শ্ৰী মনালিছা বৰঠাকুৰ লগতে যুগদ্ৰষ্টা লোকবস্ত্ৰ কাৰখানাৰ প্ৰতিষ্ঠাপক আৰু উদ্যমী শ্ৰী পদুমী বড়োৱে মহিলাসকলক আদৰ্শ ব্যক্তিৰ সান্নিধ্য লাভৰ বাবে বিভিন্ন সময়বিধি অনুসৰি আলোচনাত মিলিত হয়। ইয়াৰ মূখ্য উদ্দেশ্য আছিল স্হানীয় উদ্যোগীসকলক নতুন পথসমূহৰ লগত পৰিচয় কৰাই তেওঁলোকক প্ৰেৰণা জগোৱা।

“এই ক্ষণটি আমাৰ বাবে এক উল্লেখযোগ্য ক্ষণ যিহেতু ধৃতি, প্ৰজেক্ট প্ৰগতি উল্লেখনীয়ভাৱে কৃতকাৰ্য হৈছে এই অঞ্চলত এক যোগাত্মক পাৰিপাৰ্শ্বিক ব্যৱস্থা নিৰ্মাণ কৰাত, তামোল পাতৰ পৰা প্লেট তৈয়াৰি কাৰখানাত গুৰুত্ব প্ৰদান কৰি। বিগত চাৰি বছৰে, এই আঁচনিয়ে তামোল পাতৰ পৰা প্লেট নিৰ্মাণ কৰা কাৰখানাৰ লগত প্ৰায় ৩০ গৰাকী মহিলা উদ্যোগীয়ে ঘৰুৱাভাৱে কাৰখানা প্ৰস্তুত কৰাৰ লগতে ৩৫০ গৰাকী মহিলা কেঁচামাল সংগ্ৰহকাৰী আৰু মেশ্বিন চালিকা হিচাপে নিয়োগ হৈ আছে। ”

“এই উদ্যমিতা মেলাই কেৱল প্ৰজেক্ট প্ৰগতিৰ অন্তৰ্গত মহিলা উদ্যোগী সকলৰ চেষ্টাক উদযাপন কৰাই নহয় সমগ্ৰ অঞ্চলৰ মহিলা উদ্যোগী সকলক উৎসাহিত কৰিব। এই অনুষ্ঠানে গ্ৰাম্য মহিলাসকলক উদ্যোগৰ প্ৰতি প্ৰেৰণা যোগাব বুলি আমি দৃঢ় বিশ্বাসী।”অনিৰ্বাণ গুপ্তা, সহ- প্ৰতিষ্ঠাপক, ধৃতি- দ্য কাৰেজ ৱিদিন

“ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনে ধৃতিৰ সহযোগিতাৰ সৈতে অসমৰ গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ বাবে অৰ্থনৈতিক স্বাধীনতা আৰু আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যসমূহ বাস্তৱায়িত কৰিবলৈ পাই আনন্দিত হৈছে। IGF-এ বিশ্বাস কৰে যে বিভিন্ন সামাজিক বিষয়বস্তুসমূহৰ গভীৰ অভিমুখীতাৰ সৈতে সংপৃক্ত কৰি প্ৰদান কৰা স্বাধীনতাই মহিলাসকলক নিজস্বতা লাভ কৰাত সহায় কৰে। বিভিন্ন পটভূমিৰ এই মহিলাসকলৰ মাজত প্ৰাকৃতিক সম্পদভিত্তিক ক্ষুদ্ৰ উদ্যোগৰ প্ৰচাৰ কৰাৰ সময়ত তেওঁলোকৰ শক্তি আৰু নেতৃত্বৰ সামৰ্থ্যক পথ-প্ৰদৰ্শনৰ জৰিয়তে লাভ কৰা ফলাফল সকলো অংশীদাৰৰ বাবে গভীৰ সন্তোষজনক ফলাফল আছিল।”

ড° মণিকা বেনাৰ্জী, মুৰব্বী, IGF

 

You might also like