কৃষি মন্ত্ৰী অতুল বৰাৰ এনএমইঅ’ (NMEO) – অ’পি ষ্টল Sআৰু অইল পামত পতঞ্জলি ফুডছ লিমিটেডৰ প্ৰদৰ্শনী পৰিদৰ্শন
আজিৰ খবৰ, গুৱাহাটী, ১৯নৱেম্বৰ ২০২২ : কৃষি, উদ্যানপালন, পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী মাননীয় শ্ৰী অতুল বৰাই গুৱাহাটীৰ খানাপাৰাত অসম চৰকাৰৰ কৃষি বিভাগৰ এনএমইঅ’-অ’পি ষ্টলত অইল পামত পতঞ্জলি ফুডছ লিমিটেডৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰে। পতঞ্জলি ফুডছ লিমিটেডৰ দ্বাৰা অসমৰ সাতখন জিলাত সক্ৰিয়ভাৱে ৰাষ্ট্ৰীয় খাদ্য তেল-অইল পাম অভিযান আৰম্ভ কৰা হৈছে। ই উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ওচৰৰ ৰাজ্যসমূহতো সক্ৰিয় হৈ আছে।. শেহতীয়াকৈ অৰুণাচল প্ৰদেশত এটা অইল পাম মিলৰ আধাৰশিলা কৰা হৈছিল আৰু মিজোৰাম ৰাজ্যত আৰু এটা পাইপলাইন আছে।