Your Voice, Our Strength

বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী” : মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

আজিৰ খবৰ গুৱাহাটী,৩ডিচেম্বৰ,২০২২: বদৰুদ্দিন আজমলৰ বিদ্বেষমূলক তথা সাম্প্ৰদায়িক মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে সকলো ৰাজনৈতিক দল, সংগঠন । চাৰিওফালে কেৱল বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধিক্কাৰ ,প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া ।
মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিদ্বেষমূলক তথা সাম্প্ৰদায়িক মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে | “বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী | কাৰণ তেওঁ যিধৰণৰ বক্তব্য দিছে, তাৰ পৰা এটা কথা স্পষ্ট যে, তেওঁ ৰাজনৈতি সন্ত্ৰাস চলাব বিচাৰে” – এইবুলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই মন্তব্য আগবঢ়ায় | মন্ত্ৰীগৰাকীয়ে বদৰুদ্দিন আজমলৰ বক্তব্যৰ ওপৰত ধিক্কাৰ দি এইধৰণে কয় যে, তেওঁ এজন সাংসদহিচাপে অসমৰ লগতে সমগ্ৰ ভাৰতৰ সভ্যতা-সংস্কৃতি আৰু নাৰী জাতিসম্পৰ্কে যিধৰণৰ কুত্চিত মন্তব্য আগবঢ়ালে; সেয়া অতিকৈ লজ্জাজনক বিষয় | মন্ত্ৰীগৰাকীয়ে আজমলৰ ভাষ্য ওপৰত প্ৰতিক্ৰিয়া কৰিকয় যে, “অসমীয়া জাতি সজাগ হ’ব লাগিব | আমি আজমলক বাংলাদেশী মূলৰ মিয়াবিলাকৰ মহানায়ক হোৱাত বাধা দিব লাগিব” | তেওঁ কয় যে, আজমলে ভাৰতবৰ্ষৰ সংস্কৃতিক কুঠাৰাঘাত কৰিছে | সনাতনী সভ্যতা-সংস্কৃতিৰ ওপৰত ইমান বিৰূপ মন্তব্য আগবঢ়াইছে যে অসমীয়া জাতিটোক আঘাত কৰিছে | মন্ত্ৰী গৰাকীয়ে কয় যে, “অতি দুখজনক বিষয়টো হ’ল যে, অসমৰ পৰা বাংলাদেশীমূলৰ মানুহৰ দ্বাৰা হোৱা জনবিস্ফোৰণৰ বাবেই আজমলৰ নিচিনা মানুহক অসমৰ সাংসদ হিচাপে পাইছোঁ |”

P&C
You might also like