Your Voice, Our Strength

জনসংযোগৰ বিৰুদ্ধে প্ৰীতি ক্ৰিকেট মেচত ১৪ ৰাণত জয়লাভ মিডিয়া ছুপাৰ কিংছৰ : কমলেশ বৰ্মনৰ অৰ্ধশতক

 

আজিৰ খবৰ, গুৱাহাটী, ১০ ডিচেম্বৰ : অসম চৰকাৰৰ জনসংযোগ বিভাগ আৰু মিডিয়া ছুপাৰ কিংছৰ মাজত গুৱাহাটী নেহৰু ষ্টেডিয়ামত ১০ ডিচেম্বৰ, শনিবাৰে অনুষ্ঠিত হ’ল এক প্ৰীতি ক্ৰিকেট মেচ ৷ মেচখনত মিডিয়া ছুপাৰ কিংছে ১৪ ৰাণত পৰাস্ত কৰে জনসংযোগ বিভাগ (ডি আই পি আৰ) ক ৷ ১৫ অভাৰৰ মেচখনত প্ৰথমে বেট ধৰি মিডিয়া ছুপাৰ কিংছে ৮ টা উইকেটত সংগ্ৰহ কৰে ১২৩ ৰাণ ৷ দলৰ এই ৰাণ সংখ্যাৰ মূলতে আছিল অপেনাৰ কমলেশ বৰ্মনৰ অৰ্ধশতক । তেওঁ ৩৮ টা বলৰ সন্মুখীন হৈ ২ টা ছিক্সাৰ আৰু ৭ টা বাউণ্ডেৰীৰ সহায়ত ৫৬ ৰাণ কৰে ৷ বিশ্বজিৎ ডেকাই ২০ টা বলত ৬ টা বাউণ্ডেৰীৰ সহায়ত কৰে ৩২ ৰাণ ৷ পাপ্লু ডেকাই ১৪ আৰু অধিনায়ক বিশ্বজিৎ দাসে অপৰাজিত ৩ ৰাণ কৰে ৷ প্ৰতিপক্ষৰ মজবুল হুছেইনে ৩ অভাৰত ২১ ৰাণ ব্যয় কৰি দখল কৰে ৫ টা উইকেট ৷ জনসংযোগ বিভাগৰ জিতুমণি দাসৰ বলত মিডিয়াৰ পাপ্লু ডেকাৰ বেটৰ পৰা অতৰ্কিতে অহা এটা কেটছ অপূৰ্ব দক্ষতাৰে ফিল্ডাৰ পিং কং ৰেজা আজহাৰীয়ে আয়ত্ত কৰি সকলোকে চমকিত কৰে ৷ প্ৰত্যুত্তৰত জনসংযোগ বিভাগে নিৰ্ধাৰিত অভাৰত ৫ টা উইকেট হেৰুৱাই ১০৯ ৰাণহে কৰে ৷ দলৰ হৈ ৰাজু কলিতাই ৩৬, জিতুমণি দাসে অপৰাজিত ২৩ আৰু অপেনাৰ সঞ্জয় কাশ্যপে ১৬ ৰাণৰ বৰঙণি যোগায় ৷ দলৰ অধিনায়ক ইফতিখাৰ জামানে ৭ টা বলৰ সন্মুখীন হৈ মাত্ৰ ১ ৰাণ কৰে ৷ বলিঙত মিডিয়াৰ হৈ হিমাংশু অনুপমে ২ টা আৰু নৱজ্যোতি গোহাঁইয়ে ১ টা উইকেট দখল কৰে ৷ জনসংযোগ দলৰ ২ জনকৈ বেটাৰ ৰাণ আউট হয় ৷ বিজয়ী দলৰ হৈ অৰ্ধশতক সংগ্ৰহ কৰা কমলেশ বৰ্মনে লাভ কৰে মেন অৱ দা মেচৰ ট্ৰফী ৷ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্ম আৰু দৈনিক ‘গণ অধিকাৰ’ কাকতৰ পৰিচালন সম্পাদক ছাজাহান তালুকদাৰ ।

P&C
You might also like