Your Voice, Our Strength

এইবাৰ হত্যাকাণ্ডৰ তদন্ত কৰিব তপন দাসে

ৰীলড্ৰামাত মুক্তি পালে নতুন অসমীয়া ৱেব ছিৰিজ 'ৰুদ্ৰনীল : উত্তৰপুৰুষ'

 

আজিৰ খবৰ,গুৱাহাটী, ২৪ ডিচেম্বৰ: অসমৰ জনপ্ৰিয় OTT Platform ৰীলড্ৰামাত মুক্তি পালে প্ৰথম অসমীয়া ডিটেক্টিভ-থ্ৰিলাৰ ৱেব ছিৰিজ ‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’। ‘বৰনদী ভটিয়ায়’ চিনেমাখনেৰে সুখ্যাতি অৰ্জন কৰা পৰিচালক অনুপম কৌশিক বৰাৰ লগতে জনপ্ৰিয় অভিনেতা তপন দাস আৰু প্ৰাঞ্জল শইকীয়াৰ এইখন হৈছে প্ৰথমখন ৱেব ছিৰিজ।উল্লেখ্য যে অভিনেতা তপন দাসে এক সুদীৰ্ঘ বিৰতিৰ মূৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। তদুপৰি বিভূতি ভূষণ হাজৰিকা, নিতালী দাস, দীক্ষা খাউণ্ড, মনোজ বৰকটকী, হিমাংশু গগৈ, সৃষ্টি শৰ্মা, বিপ্লব বৰকাকতি, মিণ্টু বৰুৱা, পৰীক্ষিত তামুলীৰ লগতে পৰিচালক অনুপম কৌশিক বৰাই এই ৱেচছিৰিজত কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ৱেব ছিৰিজখনৰ কাহিনী তথা চিত্ৰনাট্য অনুপম কৌশিক বৰাৰ, সম্পাদনা সীমান্ত দাসৰ, সংগীত সিদ্ধান্ত সাগৰৰ, দৃশ্যগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ, শব্দসজ্জা বলেন পাঠকৰ, ৰূপ সজ্জা নিৰ্মালী কাশ্যপৰ, সাজ সজ্জা স্তুতি জ্যোৎস্নাৰ।

P&C

‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’ ৱেব ছিৰিজটোৰ কাহিনীমতে যশস্বী আৰু বৰ্ষীয়ান ব্যৱসায়ী পদ্মলোচন বৰুৱাৰ হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হয়। কিন্তু বিখ্যাত প্ৰাইভেট ইনভেষ্টিগেটৰ ৰুদ্ৰ দুৱৰাৰ মতে বৰুৱাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই সন্দেহযুক্ত হত্যাকাৰী; কিয়নো এয়া এক হত্যাকাণ্ড। ৰুদ্ৰ দুৱৰাৰ তীক্ষ্ণ তদন্তৰ লগতেই ৱেবছিৰিজটোৰ কাহিনী আগবাঢ়ে।

উল্লেখ্য যে ইতিমধ্যে অসমীয়া কেইবাখনো ৱেবছিৰিজ, চিনেমাৰ যোগেদি অসমত আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰা OTT প্লেটফৰ্ম ‘ৰীলড্ৰামা’-ৰ প্ৰযোজকদ্বয়, কুহেলি দাসগুপ্তা আৰু সুমিত দাসগুপ্তাই সংবাদ মাধ্যমক জনায় যে ৰীলড্ৰামাই অসমৰ চলচ্চিত্ৰৰ উদ্যোগটোক এক নতুন গতি দিয়াৰ প্ৰয়াস চলাই আছে; ‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’ এই প্ৰচেষ্টাৰেই এক অংশ। ইতিমধ্যে ৰীলড্ৰামাত উপলব্ধ বহুকেইখন ৱেব ছিৰিজ আৰু চিনেমা ৰাইজে আদৰি লৈছে। ‘ৰুদ্ৰনীল : উত্তৰপুৰুষ’-ক লৈ তেওঁলোক খুবেই আশাবাদী বুলি তেওঁলোকে জানিবলৈ দিয়ে।

তদুপৰি, প্ৰথমখন ৱেবছিৰিজ নিৰ্মাণ কৰি উলিওৱা পৰিচালক অনুপম কৌশিক বৰাই জানিবলৈ দিয়ে যে পোন প্ৰথমবাৰৰ বাবে অসমত এটা ‘ডিটেক্টিভ’ চৰিত্ৰক মূল আধাৰ হিচাপে লৈ এনেধৰণৰ কাম হৈছে। লগতে তেখেতে জানিবলৈ দিয়ে যে ছিৰিজখন মুক্তি হোৱাৰে পৰা বিভিন্ন মাধ্যমত ৱেবছিৰিজখনৰ বিষয়ে চৰ্চা চলি আছে আৰু দৰ্শকে উপভোগ কৰি সন্তুষ্টি ব্যক্ত কৰিছে। ‘ৰুদ্ৰনীল: উত্তৰপুৰুষ’ ৰীলড্ৰামাৰ মোবাইল এপ্লিকেশ্যনত উপলব্ধ।

You might also like