Your Voice, Our Strength

ৰাণ ফৰ দ্য ৰাইনো’ : কাজিৰঙাত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব আল্ট্ৰা ৰাণ

 

আজিৰ খবৰ ,গুৱাহাটী,৫ জানুৱাৰী২০২৩ : কাজিৰঙাত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব আল্ট্ৰা ৰাণ ।
অহা ২৮ জানুৱাৰীত অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব আল্ট্ৰা ৰাণ। কাজিৰঙাত অনুষ্ঠিত হ’বলগীয়া ৫২ কিলোমিটাৰৰ দৈৰ্ঘৰ এই প্ৰতিযোগিতাতত সমগ্ৰ দেশৰ দৌৰবিদে অংশগ্ৰহণ কৰিব। ‘ৰাণ ফৰ দ্য ৰাইনো’ নামৰ এই আল্ট্ৰা ৰাণ প্ৰতিযোগিতা সম্পৰ্কে আজি গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদ মেলত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব ফাৰুক আলম, বন্ধন বেংকৰ মাৰ্কেটিং হেড অপূৰ্ব চৰকাৰ, আনভাইন্সৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া নিশীকান্ত দাস আৰু আদিয়ানৰ সঞ্চালক অনুপম ডেকা উপস্থিত থাকে। অহা ২৮ জানুৱাৰীত ৫২ কিলোমিটাৰৰ লগতে ২৬ কিলোমিটাৰ, ১৪ কিলোমিটাৰ আৰু ৫ কিলোমিটাৰ শিতানত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দেশৰ ১৪ খম ৰাজ্যৰ প্ৰতিযোগীয়ে ইতিমধ্যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে। বন সুৰক্ষা কৰ্মী সকলৰ তত্পৰতা আৰু চৰকাৰৰ কঠোৰ স্থিতিৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ নিধন যোৱা কেইটা বছৰত সম্পূৰ্ণ বন্ধ হৈছে। গঁড় সুৰক্ষাৰ সফলতাৰ এই দিশটো দাঙি ধৰাৰ লগতে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে এই প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে। কাজিৰঙাৰ বৰগছ ৰিজৰ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাত অৰণ্যৰ কাষৰীয়া অঞ্চলৰ লগতে চাহ বাগিছা, গাঁও, পাহাৰ আদি অতিক্ৰম কৰি দৌৰবিদ সকলে অসমৰ সৌন্দৰ্যও উপভোগ কৰাৰ সুযোগ লাভ কৰিব। অসমৰ ‘আদিয়ান’ৰ সৈতে মুম্বাইৰ ‘আনভাইন্স’ নামৰ প্ৰতিষ্ঠানটোৱে এই প্ৰতিযোগিতাখনিৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নতুন দিল্লীৰ দৌৰবিদ কোচ ৰবীন্দৰে এই প্ৰতিযোগিতাখনি সঞ্চালন কৰিব। ব্যক্তিগত খণ্ডৰ কেইবাটাও আগশাৰীৰ প্ৰতিষ্ঠানৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ড’নাৰ মন্ত্ৰণালয় আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে কাজিৰঙা আল্ট্ৰা ৰাণলৈ সহযোগিতা আগবঢ়াইছে। সংবাদমেলত উপস্থিত থাকি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব ফাৰুক আলম কাজিৰঙা আল্ট্ৰা ৰাণে গঁড় সুৰক্ষা আৰু পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে অসমৰ পৰ্যটন খণ্ডকো যথেষ্ঠ উপকৃত কৰিব বুলি মন্তব্য কৰে। সম্প্ৰতি www.townscript.com নামৰ ৱেবছাইটোৰ জড়িয়তে ইয়াৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন চলি আছে যদিও আগ্ৰহী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা, যোৰহাট, ডিব্ৰুগড় আৰু গোলাঘাট চহৰত অফলাইন ৰেজিষ্ট্ৰেশ্যনৰো ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে দেশৰ ভিন্ন প্ৰান্তত সম্প্ৰতি মাৰাথানৰ লগতে আল্ট্ৰা ৰাণৰ জনপ্ৰিয়তা যথেষ্ঠ বৃদ্ধি পাবলৈ ধৰিছে যদিও ৫২ কিলোমিটাৰৰ আল্ট্ৰা ৰাণ অসমত এয়াই প্ৰথম। এই প্ৰতিযোগিতাৰ আন এটা উদ্দেশ্য হৈছে অসমলৈ দেশৰ ভিন্ন প্ৰান্তৰ দৌৰবিদ সকলক আকৰ্ষিত কৰা। দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা দৌৰবিদ সকলে আল্ট্ৰা ৰাণত অংশগ্ৰহণৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই যাতে পৰিভ্ৰমণ কৰি যাব পাৰে তাৰ বাবেও আয়োজক সকলে ব্যৱস্থা কৰিছে। সীমিত সময়ৰ বাবে বিশেষ ৰেহাই মূল্যত ‘ৰাণ ফৰ দ্য ৰাইনো’ প্ৰতিযোগিতাত অংশগ্ৰহণ সুবিধা প্ৰদান কৰি থকা হৈছে।

P&C
You might also like