Your Voice, Our Strength

নিউ গুৱাহাটী মনোৰমা মেনচনত শুৱালকুছিৰ বিশুদ্ধ পাট কাপোৰৰ বিপনী

 

আজিৰ খবৰ,,৬ জানুৱাৰী: নৱবৰ্ষৰ আৰম্ভণিতে শুকুৰবাৰে গুৱাহাটীত মুকলি হ’ল শুৱালকুছিৰ বিশুদ্ধ পাট কাপোৰৰ এখন বিপনী। শুৱালকুছিস্হিত পাট কাপোৰ প্ৰস্তুত কৰা উদ্যোগ স্বৰস্বতী চিল্ক উদ্যোগৰ দ্বিতীয় খন বিপনী শুকুৰবাৰে মুকলি হয় নিউ গুৱাহাটী মনোৰমা মেনচনত। মুকলি কৰে এ এম টেলিভিছনৰ গ্ৰুপ প্ৰেছিদেন্ট ড০ অক্ষতা নাৰায়ণে। লগতে বিশেষ অতিথি হিচাপে উপস্থিত থাকে নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন এন্ড ডিজাইন কাউন্সিলৰ প্ৰতিষ্ঠাপক সভাপতি মেধা শইকীয়া, নৰ্থ ইষ্ট হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্টৰ পৰামৰ্শদাতা শিপৰ্ণা বৰুৱা উপস্থিত থাকে। উল্লেখযোগ্য যে এই বিপনী খনত গ্ৰাহকে সুলভ মূল্যত সম্পূৰ্ণ বিশুদ্ধ পাট, মুগা, টচৰ, মেখেলা চাদৰ, শাৰী, পুৰুষৰ চাৰ্ট, কূৰ্টা, শিশু ৰ মেখেলা চাদৰ, কূৰ্টা আদি পাব। এই বিপনী খনৰ জৰিয়তে ডিজাইনাৰ বিনীতা বৈশ্য আৰু মধুস্মিতা বৈশ্যই শুৱালকুছিৰ দুখীয়া শিপিনী সকলক এখন বজাৰ দিয়াৰ প্ৰচেষ্টা কৰিছে।

P&C
You might also like