
এভনে ভাৰতত মুকলি কৰিলে বিশ্বজুৰি জনপ্ৰিয় ইয়াৰ এনিউ ৰেঞ্জৰ সামগ্ৰী
উজ্জ্বল, চিৰ যৌৱনা ছালৰ সৈতে আৰম্ভ কৰক নতুন বছৰ; ভিটামিন চি শ্বটৰ পৰা ৰিনিউৱেল ছিৰামলৈকে, এভনে আপোনাৰ ছাল পৰিচৰ্যাৰ সকলো চিন্তা দূৰ কৰিব
আজিৰ খবৰ,শিলচৰ, ৮ ফেব্ৰুৱাৰী, ২০২৩:ছাল পৰিচৰ্যাত গুৰুত্ব দিয়া সকলোৰে বাবে ভাল খবৰ কঢ়িয়াই আনিছে এভনে। কিয়নো এভনে আগবঢ়াইছে ইয়াৰ বিশ্বজুৰি জনপ্ৰিয় এনিউ ৰেঞ্জ, যিয়ে ছালৰ পৰিচৰ্যাৰ জগতখনত এক বৈপ্লৱিক পৰিবৰ্তনৰ সূচনা কৰিছে। ব্ৰেণ্ডটোৱে এনিউ ৰেঞ্জৰ অংশ হিচাপে তিনিটা নতুন স্কিনকেয়াৰ সামগ্ৰী মুকলি কৰিছে – ৰেডিয়েন্স মেক্সিমাইজিং ছিৰাম ভিটামিন চি, এন্টি-ৰিংকল হাইল’ৰনিক কনচেন্ট্ৰেট আৰু ৰিনিউৱেল প্ৰটিনল পাৱাৰ ছিৰাম।
এই সামগ্ৰীসমূহৰ কিছুমান উপকাৰীতাৰ বিষয়ে উল্লেখ কৰা হৈছে।
এনিউৰ ৰেডিয়েন্স মেক্সিমাইজিং ছিৰাম ভিটামিন চি
এই শক্তিশালী সামগ্ৰীবিধত এটা বটলতে ৩০ টা কমলাৰ শক্তি অনুভৱ কৰা হয়। ভিটামিন চি ছালৰ বাবে এক অতিকে পুষ্টিকৰ উপাদান, যাক আমাৰ শৰীৰে নিজাকৈ উৎপনি নকৰে। এনিউ ৰেঞ্জৰ এই ঘনীভূত আৰু শক্তিশালী এন্টিঅক্সিডেন্ট ছিৰামে ছালৰ উজ্জ্বলতা বঢ়াই ছাল সুস্থ কৰি তোলে।
এনিউৰ এন্টি-ৰিংকল হাইল’ৰনিক কনচেন্ট্ৰেট
কনচেন্ট্ৰেটেড ছিৰামে শুদ্ধ ১.৫% হাইল’ৰনিক এচিডৰ শক্তি প্ৰদান কৰে। আপুনি জানেনে যে এক্সক্লুছিভ ত্ৰি-মলেকুলাৰ ব্লেণ্ড ফৰ্মূলাই ছালৰ গভীৰতালৈ সোমাই যায়। ঘনীভূত পদাৰ্থই আপোনাৰ ছালখনক বাহিৰৰ পৰা হাইড্ৰেট কৰাৰ লগতে গভীৰ স্তৰতো স্থায়ী হাইড্ৰেচনেৰে মিহি ৰেখা আৰু বালিৰেখা দূৰ কৰে। তদুপৰি হাইল’ৰনিক এচিডে কলাজেনৰ বিকাশক সুৰক্ষা প্ৰদান আৰু প্ৰসাৰিত কৰি ছালৰ গঠন আৰু আৰ্দ্ৰতা উন্নত কৰে।
এনিউৰ ৰিনিউৱেল প্ৰটিনল পাৱাৰ ছিৰাম
এই সামগ্ৰীবিধ এভনৰ প্ৰটিনল টেকন’লজি ফৰ ডুৱেল ক’লাজেন বুষ্ট এণ্ড নিয়াচিনামাইডৰ সৈতে প্ৰসি কৰা হৈছে যিয়ে ছাল নৱীকৰণ কৰে। ক’লাজেনে ছালখন দৃঢ় আৰু দাঠ কৰি ৰাখে আৰু প্ৰটিনলৰ সৈতে এই ছিৰামে শৰীৰত ক’লাজেন ১ আৰু ক’লাজেন ৩ দুয়োটাকে পুনৰ সংৰক্ষণ কৰে। আনহাতে নিয়াচিনামাইডে ছালৰ ৰং আৰু দাগবোৰ আঁতৰাই ছালৰ ছিদ্ৰৰ আকৃতি কমায়। এভন ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ দীপশিখা বৰাই কয়।
“প্ৰায় ২৫ বছৰতকৈ অধিক কাল আমি আগবঢ়োৱা উদ্ভাৱনীমূলক, শীৰ্ষ মানৰ সৌন্দৰ্য সামগ্ৰীৰ বাবে এভনক পছন্দ কৰি আহিছে গ্ৰাহকে। মহিলাসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ছালখনক সুস্থ দেখাব পৰাকৈ অত্যাধুনিক বিজ্ঞানসন্মত সামগ্ৰী প্ৰদান কৰাত মনোনিবেশ কৰিছোঁ। ইয়াত শক্তিশালী, উদ্যমী মহিলাসকলে নিজৰ ছালৰ পৰিচৰ্যাক গুৰুত্ব সহকাৰে লোৱাৰ বাবেই পূৱ আৰু উত্তৰ-পূৱ আমাৰ বাবে হৈ পৰিছে অতি শক্তিশালী বজাৰ। এই নতুন সামগ্ৰীসমূহ তেওঁলোকে ভাল পাব বুলি আমি নিশ্চিত।“
