
নাৰী সবলীকৰণৰ দিশত আৰু এখোজ
আজিৰ খবৰ, গুৱাহাটী, ৯ ফেব্ৰুৱাৰী, ২০২২ : হস্ততাঁত শিল্প অতীজৰে পৰা চলি অহা এক পৰম্পৰাগত শিল্প l অসমত প্ৰধানত মহিলা সকল এই শিল্পৰ সৈতে জড়িত l এই হস্ততাঁত শিল্পৰ উন্নয়নৰ বাবে অসম চৰকাৰে “স্বনিৰ্ভৰ নাৰী” নামেৰে এখন ধবজাবাহী আঁচনি ৰূপায়নৰ কাম চলিত বৰ্ষৰ পৰা হাতত লৈছে l ইতিমধ্যে এই আচঁনিৰ অধীনত এটা প’ৰ্টেল মুকলি কৰা হৈছে, যত ৰাজ্যখনৰ ৫,০৮,৩৫১ গৰাকী তাঁত শাল থকা শিপিনীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছিল l ক্ষেত্ৰ ভিক্তিক অনুসন্ধানৰ অন্তত ইয়াৰে ৪,৮০,০৮০ গৰাকী শিপিনীৰ আবেদন বৈধ বুলি অনুমোদন হৈছিল l কোনো মধ্যভোগীৰ সহায় নহোৱাকৈ অনলাইন প’ৰ্টেল যোগে পোনপটীয়াকৈ শিপিনী সকলৰ পৰা পৰম্পৰাগত হস্ত তাঁত বস্ত্ৰ ক্রয় কৰাৰ বাবে চৰকাৰে ব্যবস্থা গ্ৰহণ কৰিছে l
এই লক্ষৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১০০ টা ক্ৰয় কেন্দ্ৰ খোলা হৈছে । এই কেন্দ্ৰত থলুৱা শিপিনী সকলৰ পৰা ইতিমধ্যে পৰম্পৰাগত গামোচা, আৰনাই, তথা বিভিন্ন জনগোষ্ঠীয় বস্ত্ৰ কে ধৰি ৩১ বিধ সামগ্ৰী ক্রয় কৰা হৈছে। ক্রয় কৰা বস্ত্ৰৰ বিপৰীতে তাৰ নিৰিখ চৰকাৰে শিপিনী সকলক তেওঁ লোকৰ বেংক একাউণ্ট যোগে আদায় দিছে । এগৰাকী শিপিনীয়ে এবাৰত এশ খন পৰ্যন্ত বস্ত্ৰ ক্ৰয় কেন্দ্ৰত জমা দিব পাৰিছে l

পৰৱৰ্তী পৰ্য্যায়ত আৰ্টফেড আৰু অসম চৰকাৰৰ বেচা-কিনা নিগমে ক্ৰয় কৰা বস্ত্ৰ সমূহৰ ওপৰত ১০ শতাংশ লাভংশ ধৰি বিক্ৰীৰ ব্যবস্থা কৰিব। অসমৰ লগতে বহি ৰাজ্যৰ বিভিন্ন স্থানত থকা অৰ্টফেড আৰু বেচাকিনা নিগমৰ বিপনী সমূহত এই বস্ত্ৰ বোৰ গ্ৰাহকৰ বাবে উপলব্ধ হব l ইয়াৰ উপৰিও ই- মাৰ্কেটিঙৰ জৰিয়তেও কাপোৰ বিক্ৰীৰ ব্যৱস্থা থাকিব l এই পদক্ষেপে গ্ৰাহক সকলক উচিত মূল্যত মানবিশিষ্ট বস্ত্ৰ উপলব্ধ কৰাৰ লগতে আমাৰ থলুৱা শিপিনী সকলকো আৰ্থিক ভাৱে সুৰক্ষা প্ৰদানৰ কৰিব l
ইয়াৰ বাদেও, পাৱাৰলুমৰ বস্ত্ৰৰ আগ্ৰাসনৰ পৰা হস্ততাত উদ্যোগৰ সংৰক্ষণটো এই আঁচনি খনে যথেষ্ট সহায় কৰিব।
ক্ৰয় কৰাৰ বাবে নিৰ্ধাৰিত সামগ্ৰী সমূহ হ’ল:-
১) ফুলাম গামোচা ২) ৰেচম গামোচা ৩) আৰনাই ৪) কাৰ্বি পহ’ ৫) মণিপুৰী খুদেই (অংগ বস্ত্ৰ) ৬) ৰাভা পাজাৰ ৭) ডিমাচা ৰিচা বাচা ৮) মিচিং ডুমেৰ আৰু এৰকগ মাফলাৰ ৯) কোচ ৰাজবংশী গামোচা ১০) তিৱা ফালি ১১) সাধাৰণ/টিয়নী গামোচা ১২) দেউৰী গামোচা ইত্যাদি।
শিপিনী সকলে তেওঁলোকৰ উৎপাদিত বস্ত্ৰ সমূহৰ বাবে এখন ভাল বজাৰ পাবলৈ সদায় অভাৱ অনুভৱ কৰি আহিছিল l বহু সময়ত তেওঁলোকে উৎপাদিত সামগ্ৰীসমূহ কম মূল্যতে স্থানীয় দোকান বা মহাজনক বেচিব লগীয়া হৈছিল l যাৰ ফলত শিপিনী সকলে কাপোৰৰ উচিত মূল্যটো নাপায় l দোকানী বোৰে কিন্ত্ত সেই বস্ত্ৰ সমূহ বেচি মূল্যত বিক্ৰী কৰি আধিক মুণাফা আদায় কৰে l অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিত্ত মন্ত্ৰীক পৰামৰ্শ দিছিল যে চৰকাৰে এই ব্যৱস্থাত হস্তক্ষেপ কৰিব লাগে। অৰ্থাৎ বজাৰৰ পৰা চৰকাৰে কিছু গামোচা, আৰনাই আদি কিনিব লাগে l বজাৰত যদি গামোচা, আৰনাই আদি সুলভ মূল্যত উপলব্ধ হয় তেন্তে মধ্যভোগী নোহোৱা হৈ পৰিব আৰু সমান্তৰালভাৱে বহি ৰাজ্যৰ পৰা থলুৱা কাপোৰ পাৱাৰলুমত বোই আনি ব্যৱসায় কৰা সকল নিৰুৎসাহ হৈ পৰিব l ফলত আমাৰ ৰাজ্যৰ শিপিনী সকলে যথেষ্ট সকাহ পাব।
এই উদ্দেশ্য ৰাজ্য চৰকাৰে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বিভাগক বাজেটত ৭৬ কোটি টকা ধাৰ্য্য কৰে l এতিয়ালৈ ইয়াৰে ৩৪ কোটি টকা আঁচনি ৰূপায়নৰ বাবে মোকোলাই দিছে l
ইতিমধ্যে ৰাজ্য চৰকাৰে কৃষকৰ পৰা পোনপটীয়াকৈ ধান কিনা আৰম্ভ কৰিছিল; কৃষক সকলে ১৯৬০ টকা মূল্যত প্ৰতি কুইন্টল ধান চৰকাৰক বিক্ৰী কৰিছে। ইয়াৰ আগতে আমাৰ কৃষকসকলে মিলৰ মালিক সকলক ১২০০ টকা দামত চাউল বিক্ৰী কৰা কাৰণে উৎপাদনত যিমান খৰছ হৈছিল তাতকৈ বিক্ৰী কৰাৰ পিছত তেওঁলোকে কম মূল্য লাভ কৰিছিল l লাহে লাহে আমাৰ গাঁওসমূহত ৰাইজে খেতি কৰা বাদ দিব ধৰিছিল l কিন্তু, খেতিয়ক সকলৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰা এই আঁচনি ৰূপায়নৰ পাচত বৰ্তমানে এই পৰিৱেশ সলনি হৈছে l
চৰকাৰে ধান ক্ৰয়ৰ ৩ দিনৰ পৰা ৭ দিনৰ ভিতৰত বেংক একাউণ্টত ধান ক্ৰয় মূল্য খেতিয়ক সকলক আদায় দিছে l
ধান ক্ৰয়ৰ এই আঁচনি খনে গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত এটা ইতিবাচক প্ৰভাৱ পেলাইছে l এই সফল ব্যবস্থাক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ জৰিয়তে চৰকাৰে হস্ত তাঁত খণ্ডটো ৰূপায়ন কৰিছে l ইয়াৰ উদ্যোগত আমাৰ আইমাতৃ সকলে উৎপাদন কৰা গামোচা, আৰনাই স্ব-নিৰ্ভৰ নাৰী পৰ্টেলৰ জৰিয়তে ক্ৰয় কৰাৰ ব্যৱহাৰ কৰিছে।
যোৱা ৭ ফেব্ৰুৱাৰী,২০২৩ তাৰিখত ক্ৰয় কেন্দ্ৰ সমূহৰ প্ৰথম পয্যায় ১৫ টা দিন সম্পূৰ্ণ হয় l জানিব পৰা মতে, এই ৭ ফেব্ৰুৱাৰীলৈ সৰ্বমুঠ ২,৮৫,৭৪,৯৭৫ টকাৰ বস্ত্ৰ চৰকাৰে ক্রয় কৰিছে ৩৫৯৮ গৰাকী শিপিনীৰ পৰা l ইয়াৰ বাবে শিপিনী সকলক তেওঁলোকৰ বেংক একাউণ্ট যোগে ১,৯৫,০৭,৩৭০.০০ টকা আদায় দিয়া হৈছে l বাকী ৯০,৬৭৬০৫ টকাও অতি সোনকালে তেওঁলোকৰ বেঙ্ক একাউণ্টত জমা হব l শিপিনী সকলে ক্ৰয় কেন্দ্ৰত এতিয়ালৈ তেওঁলোকে উৎপাদন কৰা ৪৫৯৭৮ বিধ নিৰ্দ্ধাৰিত বিভিন্ন প্ৰকাৰৰ তাঁতবস্ত্ৰ জমা দিছে l
চৰকাৰে ৮ ফেব্ৰুৱাৰীৰ পৰা পুনৰ ১৫ দিনলৈ এই ক্ৰয় কেন্দ্ৰ সমূহ খোলা ৰখাৰ সিদ্ধান্ত লোৱাৰ ফলত আৰু অধিক শিপিনী উপকৃত হব বুলি আশা কৰা গৈছে l
ইতিমধ্যে এক ফেব্ৰুৱাৰীৰ পৰা অসমত পাৱাৰলুমত উৎপাদিত গামোচাৰ বিক্ৰী নিষিদ্ধ কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰাৰ পাছতে হস্ততাঁত অাৰু বস্ত্ৰশিল্প বিভাগে ব্যৱসায় প্ৰতিষ্ঠান সমূহত অভিযান আৰম্ভ কৰিছে l লগতে বিভাগে ব্যৱসায় সংস্থা সমুহৰ সৈতেও এই ক্ষেত্ৰত সহযোগিতা বিচাৰি আলোচনা আৰম্ভ কৰিছে l এইখিনিতে ঊল্লেখ কৰিব পাৰি যে ভাৰত চৰকাৰৰ “হস্ততাঁত (উৎপাদিত সামগ্ৰী সংৰক্ষণ) আইন,১৯৮৫” অনুসৰি গামোচা, আৰনাইকে ধৰি অসমৰ ৬ বিধ পৰম্পৰাগত বস্ত্ৰ কেৱল হস্ততাঁত শালতহে উৎপাদন কৰাৰ বাবে সীমাবদ্ধ আছে l
সেইহে, চৰকাৰৰ স্ব -নিৰ্ভৰ নাৰী আঁচনি ৰূপায়ণৰ এই সিদ্ধান্তই অসমৰ হস্ততাঁত খণ্ডৰ উন্নয়নৰ লগতে নাৰী সৱলীকৰণৰ দিশত লোৱা এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে l এই পদক্ষেপে অসমৰ অৰ্থনীতিৰো যে এক বৈপ্লৱিক পৰিবৰ্তন আনিব সেইয়া আমাৰ দৃঢ় বিশ্বাস l