Your Voice, Our Strength

সক্ষম সকলক লৈ ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনৰ সাংস্কৃতিক অনুষ্ঠান

 

আজিৰ খৱৰ,গুৱাহাটী ২৩ মাৰ্চ; কোনোজনৰ হয়তো  দৃষ্টি শক্তি নাই,কোনোবা মুকবধি, কোনোবা হয়তো হাত ভৰি অচল তথাপিও এই সকল বিশেষভাবে সক্ষম ব্যক্তিয়ে আকাশ চুই চোৱাৰ সপোন দেখে । সাধাৰণ মানুহতকৈ কোনো গুণে কম নোহোৱা এই সকলৰ বহুতৰে আছে অসাধাৰন প্ৰতিভা ।  সোমবাৰে অনুষ্ঠিত হোৱা ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনৰ উদ্যোগত দিছপুৰ লাষ্টগেটস্থিত লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত  এজাক বিশেষভাৱে সক্ষম ব্যক্তিৰ অসাধাৰণ প্রতিভাই উপস্থিত দৰ্শকক মুগ্ধ কৰিলে । ভাৰত চৰকাৰৰ চেন্নাইৰ সহযোগত ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনে বিগত বৰ্ষৰ দৰেই এইবাৰো এদিনীয়া কার্যসূচীৰে বিশেষ ভাবে সক্ষম লোক সকলক লৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰে । বিয়লি ৪ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অভিনেতা নয়ন নীলিম,এন আই ই পি এম ডিৰ ৰিহেবিটেশ্বন বিষয়া ৰাজেশ ৰামচন্দ্ৰৰণ,বিশিষ্ট সমাজ সেৱক এ চেকতিভেল,চি আৰ ই মনিগণ্ডন,সমাজ কল্যান বিভাগৰ অৱৰপ্ৰাপ্ত সঞ্চালক মঞ্জুৰী বৰঠাকুৰ,শেৱালি চৌধাৰী, অসম সাহিত্য সভাৰ মুম্বাইৰ স্বৰ্ণ শাখাৰ ৰুমা হাজৰিকা,ট্ৰিপ্লেক্সৰ সঞ্চালক মুকেশ অচন্তনিৰ লগতে বহু কেইগৰাকী গণমান্য ব্যক্তি । ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনৰ লগতে কেবাটাও বেচৰকাৰী ৰিহেবিটেশ্বন কেন্দ্ৰৰ অৰ্ধ শতাধিক শাৰিৰীকভাৱে সক্ষম লোকসকলে বিভিন্ন সংগীতানুষ্ঠান পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে । এন আই ই পি এম ডি ৰ সহযোগত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ মূল উদ্দেশ্য বিশেষ ভাৱে সক্ষম লোক সকলক এখন মঞ্চ দিয়া । ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজৰ মুখ্য সম্পাদিকা মিনাক্ষী চাংমাই জানিবলৈ দিয়া মতে এই অনুষ্ঠানত এনে বহু প্রতিভা আছে যি প্ৰতিভাক উলিয়াই অনা আৰু বিশেষ সক্ষম ব্যক্তি সকলক অনুপ্ৰেৰণা দিয়া ।

P&C

ৰিহেবিটেশ্বন ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনৰ এনে ব্যতিক্ৰমী তথা মহান পদক্ষেপক উপস্থিত সকলো দৰ্শকে শলাগ লোৱাৰ লগতে আগলৈও এই সকল ব্যক্তিৰ বাবে অনুপ্ৰেৰণা মূলক কাম কৰি যোৱাৰ বাবে সকলোৱে আহ্বান জনায় ।

You might also like