
নিখিল অসম স্বর্ণ শিল্পী সমিতিৰ দ্বাদশ বার্ষিক অধিশেন সম্পন্ন
আজিৰ খবৰ গুৱাহাটীঃ ১৯ মার্চ
নিখিল অসম স্বৰ্ণ শিল্পী সমিতিৰ দ্বাদশ সংখ্যা ৰাজ্যিক অধিবেশনখন কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পানবজাৰস্থিত হৰিসভা প্ৰাংগনত অনুষ্ঠিত হৈ যায়। কালি পুৱা স্বৰ্ণ শিল্পী সমিতিৰ ৰাজ্যিক সভাপতি পৰিমল সৰকাৰে পতাকা উত্তোলনেৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে শ্বহীদ তৰ্পন, প্ৰতিনিধি সভা অনুষ্ঠিত হয়। অসমৰ ৩১ খন জিলা সমিতিৰ প্ৰায় ৫০০ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা প্ৰতিনিধি সভাত স্বৰ্ণশিল্পী সলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। পানবজাৰৰ প্ৰখ্যাত গ্ৰহৰত্ন প্ৰতিষ্ঠান জিঅ’জেমচ জেনুইন প্ৰাইভেট লিমিটেডৰ সহযোগত অনুষ্ঠিত অধিবেশনত তিনিচুকীয়াৰ পৰিমল সৰকাৰক সভাপতি আৰু গুৱাহাটীৰ প্ৰশান্ত কুমাৰ ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ নিখিল অসম স্বৰ্ণ শিল্পী সমিতিৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। উল্লেখ্য যে অসমত প্ৰায় আঢ়ৈ লাখ স্বৰ্ণ শিল্পী আছে।
