Your Voice, Our Strength

ভাৰতী ফাউণ্ডেচনে স্কুল এডুকেচন প্ৰগ্ৰেমৰ জৰিয়তে অসম চৰকাৰলৈ সহযোগিতা

এই কাৰ্যসূচীয়ে জিলাখনৰ ৩০ খন চৰকাৰী বিদ্যালয়ৰ ১৬০০ তকৈও অধিক ছাত্ৰ-ছাত্ৰীক আৰু ৪০ তকৈও অধিক শিক্ষকক উপকৃত কৰিছে।

 

আজিৰ খবৰ,গুৱাহাটী, ১২ এপ্ৰিল ২০২৩: ভাৰতী এণ্টাৰপ্ৰাইজৰ এক মানৱ-হিতৈষী শাখা ভাৰতী ফাউণ্ডেচনে অসম ৰাজ্য চৰকাৰৰ সহযোগত স্কুল এক্সিলেন্স প্ৰগ্ৰেমৰ অধীনত ২০২২- ২০২৩ চনত অসমৰ চৰকাৰী বিদ্যালয়সমূহত এক বিস্তৃত ৰূপত প্ৰশিক্ষণ আৰম্ভ কৰে । এই কাৰ্যসূচীৰ লক্ষ্য হৈছে মুখ্য প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দিয়া, যিয়ে শিশুসকলৰ বাবে সামগ্ৰিক স্কুলীয়া অভিজ্ঞতা বৃদ্ধি কৰিবলৈ বিদ্যালয়ৰ মুৰব্বীসকলক ক্ষমতা প্ৰদান কৰিছিল। ই বিদ্যালয়সমূহক উন্নয়ন পৰিকল্পনাত জড়িত কৰি, সহ-বিদ্যালয়ৰ হস্তক্ষেপ আৰু জীৱন দক্ষতা বিকাশ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন উন্নত কৰি আৰু বিদ্যালয়ৰ উন্নয়নৰ বাবে অভিভাৱক সকলক জড়িত কৰি তিনিটা ধাৰা অনুসৰণ কৰে।এই কাৰ্যসূচীৰ জৰিয়তে ১০৭০০ তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ সামগ্ৰিক বিকাশ সুনিশ্চিত কৰাৰ লগতে উপকৃতও হৈছে।
শেহতীয়াকৈ অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা কাৰ্যসূচীত ২১ গৰাকী শিক্ষক আৰু ১৩ খন বিদ্যালযক কাৰ্যসূচীৰ সফলতাৰ দিশত তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। সৰ্ব শিক্ষা অভিযান, যোৰহাট জিলাৰ জিলা কাৰ্য্যক্ৰম অধিকাৰী, মাননীয়া জোনালী কটকীয়ে এই অনুষ্ঠানৰ শোভা বঢ়াইছিল। যোৰহাট সম্বৰ্ধনা কাৰ্যসূচীৰ ধাৰাবাহিকতাৰে পিছদিনা মাজুলীতো একেই কাম সম্পন্ন কৰা হয়। কাৰ্যসূচীৰ সফলতাৰ দিশত ৯ খন বিদ্যালয়ৰ ১০ গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়।

P&C
You might also like