Your Voice, Our Strength

HDFC বেংকৰ Q4 ফলাফল ঘোষণা; মুঠ লাভাংশ ১৯.৮% লৈ বৃদ্ধি হৈছে ১২০৪৭.৫ কোটি টকা ওৱাই অ’ ওৱাই

 

নিউজ ডেস্ক,আজিৰ খবৰ,১৮ এপ্ৰিল গুৱাহাটী: HDFC বেংক লিমিটেডে ত্ৰৈমাসিকৰ Q4 ফলাফল ঘোষণা কৰে ১৫ এপ্রিল তাৰিখে, যিটো ৩১ মাৰ্চ ২০২৩ তাৰিখে সমাপ্ত হৈছে। বেংকটোৱে সৰ্বমুঠ ১২,০৪৭,৫ কোটি টকা লাভাংশ পাইছে, যিটো বিগত বৰ্ষৰ ত্ৰৈমাসিকৰ তুলনাত ১৯,৮% বৃদ্ধি হৈছে, ৩,৮৮৮,১ কোটি টকা কৰ পৰিশোধ কৰাৰ পিছত। উল্লেখ্য যে ৩১ মাৰ্চ,২০২২ চনলৈ লাভাংশ বৃদ্ধি হৈছিল ১৯,৮% শতাংশ।কৰ (PBT) পৰিশোধৰ পূর্বে ২০২৩ চনৰ ৩১ মাৰ্চত ১৫,৯৩৫,৫ কোটি টকা।এই লাভাংশ ৩১ মাৰ্চ, ২০২৩ চনত ৪৫,৯৯৭,১ কোটি, যিটো ৩১ মাৰ্চ, ২০২২ চনৰ তুলনাত ২০,৯% শতাংশ বৃদ্ধি হৈছে।
২০২৩ চনৰ ৩১ মাৰ্চলৈকে মুঠ বেলেন্সচীট আছিল ২,৪৬৬,০৮১ কোটি। আনহাতে ২০২২ চনৰ ৩১ মাৰ্চলৈকে ২,০৬৮,৫৩৫ কোটি, ইয়াত সৰ্বাধিক ১৯,২% বৃদ্ধি হৈছে।মুঠ জমা ধন ৩১ মাৰ্চ, ২০২৩ চনলৈ ১,৮৮৮,৩৯৫ কোটি টকা।এই জমা ধনো ২০,৮% বৃদ্ধি হৈছে।CASA আমানত ধন বৃদ্ধি পাইছে ১১,৩% আৰু চেভিংচ একাউন্টত জমা হৈছে ৫,৬২,৪৯৩ কোটি। আনহাতে কাৰেন্ট একাউন্টত ২৭৩,৪৯৬ কোটি জমা হৈছে।
বেংকৰ নতুন ৰাজহ বৃদ্ধি হৈ ২১,০% ৩২,০৮৩ কোটি টকা ৩১ মাৰ্চ,২০২২ পৰা ৩১ মাৰ্চ, ২০২৩ মাৰ্চলৈ ২৬,৫০৯,৮ কোটি হৈছে।২০২৩ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা ত্ৰৈমাসিকত ১৮,৮৭২,৭ কোটি টকাৰ পৰা ২৩,৭% বৃদ্ধি হৈ ২৩,৩৫১,৮ কোটি টকা হয়।২০২৩ বৰ্ষৰ ৩১ মাৰ্চলৈকে নন-পাৰ্ফমীং সম্পদৰ অগ্ৰিম ধনৰ পৰিমাণ ০,২৭% শতাংশ।২০২৩ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বছৰটোৰ লাভ ৪৪,১০৮,৭ কোটি টকা, যি সংখ্যা ৩১ মাৰ্চ, ২০২২ চনৰ তুলনাত ১৯,৩% শতাংশ বৃদ্ধি হৈছে।
২০২৩ চনৰ মাৰ্চ মাহলৈকে বেংকৰ বিতৰণ বিভাগত ৭,৮২১ সংখ্যক শাখা আৰু ১৯,৭২৭ সংখ্যক এটিএম/নগদ ধন জমা তথা ধন উলিওৱা মেচিন/চিডিএমএচ আছে দেশৰ ৩,৯১১ খন চহৰ/নগৰত। তাৰ বিপৰীতে ৬,৩৪২ সংখ্যক শাখা আৰু ১৮,১৩০ সংখ্যক এটিএম/চিডিএমএচ আছে ৩,১৮৮ খন মফচলীয় চহৰ আৰু গ্ৰাম্যাঞ্চলত।

P&C
You might also like