Your Voice, Our Strength

পশু মহামাৰী প্ৰস্তুতি প্ৰচেষ্টা আৰু বিশ্ব বেংকৰ দ্বাৰা অনুদানপ্ৰাপ্ত পশু স্বাস্থ্য প্ৰণালী মুকলি

 

নিউজ ডেস্ক আজিৰ খবৰ,, নতুন দিল্লী, ১৯ এপ্ৰিল, ২০২৩ কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী শ্ৰী পৰশোত্তম ৰূপলাই শেহতীয়াকৈ এক সাম্ভাব্য পশু মহামাৰীৰ প্ৰতি ভাৰতৰ প্ৰস্তুতি আৰু সঁহাৰি বৃদ্ধি ৰখাৰ বাবে পশু মহামাৰী প্ৰস্তুতি প্ৰচেষ্টা আৰু বিশ্ব বেংকৰ দ্বাৰা অনুদানপ্ৰাপ্ত পশু স্বাস্থ্য প্ৰণালী মুকলি কৰে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে পশু মহামাৰীৰ প্ৰতি ভাৰতৰ প্ৰস্তুতি আৰু সঁহাৰি বৃদ্ধি কৰা, জুনোটিক ৰোগৰ ওপৰত গুৰুত্ব দিয়া যি পশু আৰু মানৱ স্বাস্থ্য দুয়োৰে বাবে ভাবুকি সৃষ্টি কৰে। এই পদক্ষেপে পশু চিকিৎসা সেৱা আৰু আন্তঃগাঁথনি, ৰোগ নিৰীক্ষণ ক্ষমতা, আগতীয়াকৈ চিনাক্তকৰণ আৰু সঁহাৰি, পশু স্বাস্থ্য পেছাদাৰীসকলৰ ক্ষমতা গঢ়ি তোলা, আৰু সামূহিক প্ৰসাৰৰ জৰিয়তে কৃষকসকলৰ মাজত সজাগতা উন্নত কৰাত সহায় কৰিব।

P&C

অনুষ্ঠানটোত “এনিমেল হেল্থ চিষ্টেম চাপোৰ্ট ফৰ ৱান হেল্থ (এএইচএছএছওএইচ)” ৰ ওপৰত বিশ্ব বেংকৰ অনুদানপ্ৰাপ্ত প্ৰকল্পটো ভাৰতৰ পাঁচখন (05) ৰাজ্যক সামৰি আৰম্ভ কৰা হয় l

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় কেবিনেট মীন,পশুপালন আৰু দুগ্ধ পালন মন্ত্ৰী শ্ৰী পৰশোত্তম ৰূপলাই কয়, “ভাৰতত বিভিন্ন প্ৰজাতিৰ প্ৰাণী আছে আৰু দেশৰ অৰ্থনীতি আৰু খাদ্য সুৰক্ষাত পশুধন খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৱশ্যে, আমি উদীয়মান আৰু জুনোটিক ৰোগৰ দ্বাৰা উদ্ভৱ হোৱা ভাবুকিৰ সন্মুখীন হওঁ। পশু মহামাৰী প্ৰস্তুতি হৈছে আমাৰ পশু সম্পদ সুৰক্ষিত কৰা আৰু আমাৰ লোকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য নিশ্চিত কৰাৰ বাবে এক সক্ৰিয় পদক্ষেপ। পশু মহামাৰী প্ৰস্তুতি প্ৰচেষ্টা আৰু বিশ্ব বেঙ্কৰ দ্বাৰা অনুদান প্ৰাপ্ত “এক স্বাস্থ্যৰ বাবে পশু স্বাস্থ্য প্ৰণালী সমৰ্থন” হৈছে পশু মহামাৰীবোৰক সামগ্ৰিকভাৱে সমাধান কৰাৰ বাবে ব্যাপক প্ৰচেষ্টা। আমাৰ পশু স্বাস্থ্য প্ৰণালী শক্তিশালী কৰি আৰু এক স্বাস্থ্য পদ্ধতি ৰূপায়ণ কৰি, আমি জুনোটিক ৰোগবোৰ ভালদৰে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পাৰোঁ, যি কেৱল আমাৰ পশুৰ স্বাস্থ্য আৰু কল্যাণৰ লগতে অৰ্থনৈতিক আৰু মানৱ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায় l
অনুষ্ঠানটোত বুলেটিন/এক স্বাস্থ্য সমৰ্থন গোটৰ প্ৰকাশন মুকলি কৰা হৈছিল আৰু এপিপিআই আৰু এএইচএছএছওএইচ ভিডিঅ’ মুকলি কৰা হৈছিল।

এই অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় কুমাৰ সুদ, অধ্যাপক ডঃ অতুল গোৱেল,স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান, (Ministry of Home & Family Welfare), বিশ্ব বেংকৰ কৃষি আৰু খাদ্য গোলকীয় অনুশীলনৰ মুৰব্বী মিঃ অলিভাৰ ব্ৰেডট, Head, Agriculture and Food Global Practice, World Bank, ড: অভিজিত মিত্ৰ ,Animal Husbandry Commissioner,পশুপালন আয়ুক্ত ও উপস্থিত আছিল। অনুষ্ঠানটোত আন্তৰ্জাতিক সংগঠনসমূহৰ প্ৰতিনিধি (WHO, WB, FAO, WOAH, UNEP), সংশ্লিষ্ট মন্ত্ৰালয়, ICAR আই.চি.এ.আৰ. গৱেষণা প্ৰতিষ্ঠানৰ পশু স্বাস্থ্য বিশেষজ্ঞ আৰু আই.চি.এম.আৰ. আৰু অন্যান্য চৰকাৰী অংশীদাৰসহ বিভিন্ন ক্ৰছচেক্টৰৰ প্ৰায় 200 জন মুখ্য অংশীদাৰ অংশগ্ৰহণ কৰিছিল।

ভাৰত চৰকাৰ পশু পালন আৰু দুগ্ধ উৎপাদন বিভাগে পশু মহামাৰী প্ৰস্তুতি উদ্যোগ আৰু বিশ্ব বেংকৰ দ্বাৰা অনুদানপ্ৰাপ্ত পশু স্বাস্থ্য প্ৰণালী সমৰ্থন ফৰ ৱান হেল্থৰ সফল ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই গুৰুত্বপূৰ্ণ লক্ষ্যৰ বাবে সকলো অংশীদাৰৰ সৈতে কাম কৰাৰ বাবে আশাবাদী।

You might also like