তিনিচুকীয়াৰ বাৰেকুৰী দীঘলসাকোত ড্ৰাগছৰ বিৰুদ্ধে সবল পদক্ষেপ । ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰশংসা
আজিৰ খৱৰ তিনিচুকীয়া ১৬জুন: সমগ্ৰ দেশত এতিয়া ভয়াৱহ ৰূপত চানি ধৰিছে ড্ৰাগছে । চৰকাৰ প্ৰশাসনে তীব্ৰ গতিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছৰ মূল মাফিয়া কেইটাক ধৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ ভিন্ন অঞ্চল ভয়াবহ ভাবে ড্ৰাগছৰ কবলত। বিশেষকৈ তিনিচুকীয়া জিলাত ইয়াৰ কু প্ৰভাৱে এটা প্ৰজন্মক নিঃশেষ কৰাৰ দিশে অগ্ৰসৰ হৈছে। অসমৰ বিভিন্ন অঞ্চলৰ লগতে তিনিচুকীয়া জিলাত সময়ে সময়ে চৰকাৰ প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সমান্তৰাল ভাৱে বিভিন্ন সংস্থা সংগঠনে ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ প্ৰয়াস কৰি আহিছে যদিও আশানুৰূপ সু-ফল পৰিলক্ষিত হোৱা নাছিল। কিন্তু এক ঘেয়ামি কাৰ্যসূচী সমূহৰ পৰিবৰ্তে ২০২১ বৰ্ষৰ পৰা অসমৰ যুক্তিবাদী চিন্তাবিদ, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মানব অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত বিভিন্ন সংগঠনৰ সহযোগত ২০২১ বৰ্ষৰ পৰা তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত কেইবালানি ড্ৰাগছ বিৰোধী অভিযান, সজাগতা সভা, কৰ্মশালা আদি কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিনামূলী়ায়াকৈ ড০ শইকীয়াই প্ৰেৰনাত্মক বক্তব্যৰ দ্বাৰা এক জন জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ বিগত ফ্ৰেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰায় মাহজোৰা এলানি ড্ৰাগছ বিৰোধী জনজাৰণ প্ৰেৰণাত্মক কাৰ্যসূচী ৰূপায়ন কৰাৰ পৰবৰ্তী পৰ্যায়ত তিনিচুকীয়াৰ বৃহত্তৰ বৰেকুৰী অঞ্চলৰ লোক ড শইকীয়াৰ প্ৰেৰনাত্মক বক্তব্যত উৎসাহিত হৈ অঞ্চল বাসীৰ শ শ লোক ড্ৰাগছৰ বিৰুদ্ধে ওলায় আহি ড্ৰাগছ গ্ৰহণ কাৰীি আঠ জনকৈ যুৱকক নিচা মুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লগতে স্থানীয় ড্ৰগছৰ ব্যৱসাযৰ লগত জৰিত লোকক সতৰ্কবাণী প্ৰদান কৰি সামাজিকভাবে ব্যবস্থা গ্ৰহণৰ বাবে সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰি বৰ্তমান ড্ৰাগছ নিৰ্মূল কৰিবলৈ সক্ষম হোৱা কাৰ্য্যক আদৰণি জনোৱাৰ লগতে তেওঁ কালি হঠাৎ তিনিচুকীয়াত উপস্হিত বৰেকুৰি বাসীক ভূয়সী প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। কালি তিনিচুকীয়াত উপস্হিত হৈ বিশিষ্ট সমাজ কৰ্মী গৰাকীয়ে কয় যে ড্ৰাগছ বিৰোধী যুঁজ খনত যত কিঞ্চিৎ সফল হোৱাত মই পুনৰ কাম কৰিবলৈ মানসিক শক্তি লাভ কৰিছোঁ। সেয়ে শীঘ্ৰে পুণৰ তিনিচুকীয়ালৈ আহি তেওঁ ড্ৰাগছৰ বিৰূদ্ধে অভিযান চলাব বুলি উল্লেখ কৰে।