Your Voice, Our Strength

সাংসদ পদ হেৰুৱালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।৮ বছৰলৈ প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব নিৰ্বাচনত

 

আজিৰ খবৰ গুৱাহাটী; ২৪ মাৰ্চ; ‘মোদী উপাধি’ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ। মোদী উপাধি গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীক সদনত অযোগ্য ঘোষণা কৰা হৈছে ৷ ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এখন নিৰ্বাচনী সভাত মোদী উপাধিক লৈ মন্তব্য কৰিছিল কংগ্ৰেছ নেতাজনে (Rahul Gandhi disqualified from parliament) ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ৰাহুল গান্ধীয়ে ৷ দোষী সাৱ্যস্ত হোৱাৰ এদিন পাছতেই পদ হেৰুৱালে নেতা গৰাকীয়ে। লোকসভা সচিবালয়ে শুকুৰবাৰে জাৰি কৰা এক জাননীৰ জৰিয়তে এই কথা জনায়। ২৩ মাৰ্চত গুজৰাটৰ চুৰাট আদালতে দোষী সাৱ্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহিছিল নেতা গৰাকীক। কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতা গৰাকীয়ে ২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকত অনুষ্ঠিত এক ৰাজহুৱা সভাত মোডীৰ বিৰুদ্ধে মন্তব্য কৰিছিল। ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই বিধায়ক পূৰ্ণেশ মোডীয়ে মানহানিৰ গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ বাবেই দোষী সাৱ্যস্ত হৈছিল নেতাগৰাকী ।

P&C
You might also like