Your Voice, Our Strength

অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন।

৪৩ টাকৈ চুলাই ঘাটি উৎখাত ,গোচৰ ৰুজু

আজিৰ খবৰ,১১জুলাই : যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ সহযোগত জিলাখনৰ ৪ টা ৰাজহ চক্ৰতে যোৱা ২৫ জুনৰ পৰা অধিক তৎপৰতাৰে চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই চুলাই ঘাটি সমূহ উৎখাত কৰে । জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ নিৰ্দেশত আৰু আবকাৰী বিভাগৰ অধীক্ষক বনানী হোজাইৰ নেতৃত্বত আবকাৰী দলসমূহে মৰিয়নিৰ বিজয়পুৰ নিউ সোনোৱাল, দুকলঙিয়া,কাঠনিবাৰী চাহ বাগিছা, তিতাবৰৰ কেঁচাইখাতি, শিলিখা গ্ৰান্ত,কছাৰী গাঁও, যোৰহাট ৰাজচক্ৰৰ অধীনৰ নাঁওচলীয়া গাঁও,চকলাটিং বাগান, নপমুৱা গাঁও, বাঘমৰা, ২৮ নং মুৰমুৰীয়া,বৰভেটা , টীয়কৰ গড়চুক, বলমা চাওদাং গাঁও, গাভৰু, মুদৈজান, ফেঁচুৱাল আদি অঞ্চল সমূহত প্ৰায় ৪৩ টা চুলাই ঘাটি উৎখাত কৰাৰ লগতে গোচৰ ৰুজো কৰে৷ যোৱা ২৫ জুনৰ পৰা চলি থকা অভিযান কালত আজি ১১ জুলাইলৈকে মুঠ ৮৫ লিটাৰ চুলাই মদ,৭৭৩০ লিটাৰ মদ বনোৱা কেঁচা সামগ্ৰী, ২৪ টা মদ বনোৱা যন্ত্ৰ নষ্ট কৰা হয় ৷ আনহাতে বিদেশী সুৰা ৫৯.০৪৫ L.P.L. , বীয়েৰ ৭.৫ B.L. আৰু দেশীয় সুৰা ৯.৬৬ L.P.L. জব্দ কৰা হয় বুলি আবকাৰী বিভাগৰ অতিৰিক্ত উপায়ুক্ত অনুজ ব্ৰহ্মই জানিবলৈ দিয়ে৷

P&C
You might also like