Your Voice, Our Strength

১ ইঞ্চি মাটিও এৰি নিদিয়ে অসমে।

নতুনকৈ অসম-মিজো সীমান্তত মোতায়েন কৰা হ’ব কমাণ্ডো বেটিলিয়ন

আজিৰ খবৰ,২৭ জুলাই: অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত সোমবাৰে উদ্ভৱ হোৱা অগ্নিগর্ভ পৰিস্থিতি বুজ লবলৈ গৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক সংবাদমেলযোগে কয় কালি সংঘটিত হোৱা ঘটনাটো অতি দুৰ্ভাগ্যজনক। কিন্তু এটা কথা অসমৰ ৰাইজক জনাও যে নতুনকৈ ১ ইঞ্চি মাটিও কোনেও ল’ব পৰা নাই। আমি সম্পূৰ্ণভাৱে সুৰক্ষিত হৈ আছো। এটা কথা স্পষ্ট যে অসমে যিকোনো মূল্যৰ বিনিময়ত অসমৰ মাটি সুৰক্ষিত কৰিব।”উল্লেখ্য যে মিজোৰামে অসমৰ মাটিত পথ নিৰ্মাণ কৰিছে। ইতিমধ্যে আগ্ৰাসনৰ দৃশ্য ছেটেলাইট ইমেজত ধৰা পৰিছে।। মুখ্যমন্ত্ৰীয়ে কয় এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব অসম চৰকাৰ। সীমা বিবাদক লৈ দাখিল কৰিব পিআইএল (PIL)। অসম প্ৰতিশোধ পৰায়ণ নহয়। অসমে মিজোৰামৰ বিৰুদ্ধে নকৰে কোনো ধৰণৰ অৰ্থনৈতিক অৱৰোধ। কিন্তু ১ ইঞ্চি মাটিও এৰি নিদিয়ে অসমে।”-  আনহাতে এই সংবাদমেলতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম-মিজোৰাম সীমান্তত যিমান অসম আৰক্ষীৰ জোৱানে কৰ্তব্যত নিয়োজিত হৈ আছে, তেওঁলোকক এমাহৰ অতিৰিক্ত দৰমহা প্ৰদান কৰাৰ কথা ঘোষণা কৰে । অসম-মিজো সীমান্তত মোতায়েন কৰা হ’ব নতুন নিযুক্তি । চৰকাৰে নতুনকৈ যি নিযুক্তি দিব তাৰে কৰিমগঞ্জ, হাইলাকান্দি আৰু শিলচৰত অসম-মিজো সীমান্তত মোতায়েন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টতকৈ উল্লেখ কৰে ।

P&C
You might also like