Your Voice, Our Strength

কিয় কান্দিছে চতেমাৰী গাওঁৰ দিপ্তী হালৈয়ে ?

কিয় কান্দিছে চতেমাৰী গাওঁৰ দিপ্তী হালৈয়ে ?

যিটো সময়ত অসম‌ চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আধুনিক সুলভ চিকিৎসা ব্যৱস্থাৰ কথা কৈ আহিছে সেইটো সময়তে নলবাৰী জিলাৰ বৰক্ষেএী সমষ্টিৰ চতেমাৰী গাঁৱৰ পদ্দু হালৈ কৰ্কট ৰোগাক্ৰান্ত হৈ ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে ! যাৰ ফলত একমাত্ৰ উপাৰ্জনকাৰী পদ্দু হালৈৰ পত্নী দীপ্তিয়ে সহায় বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে ! উল্লেখ্য যে টকাৰ অভাৱত পৰি গুৱাহাটীৰ বিৰুৱাৰীস্থিত বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত চিকিৎসাধীন হৈ থকা হালৈয়ে বৰ্তমান ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে ! দিনহাজিৰা কৰি কোনোমতে চলি থকা এই পৰিয়ালটিয়ে অটল-অমৃল কাৰ্ডৰ অভাৱত বৰ্তমান চিকিৎসা স্থগিত ৰাখিবলগীয়া হৈছে ! খেতি মাটি নথকা এই পৰিয়ালটিয়ে স্থানীয় পঞ্চায়তক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা লোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছে ! ফলত , শিপিনী দীপ্তি হালৈয়ে তেওঁৰ দুখন শালৰ এখন বিক্ৰী কৰি দুবেলা-দুমুঠি যোগাৰ কৰিবলগীয়া হৈছে ! এই ক্ষেত্ৰত গাঁৱৰ যুৱচামে গাওঁখনত সাহৰ্য্য বিচাৰি পৰিয়ালটোক কিছু সকাহ দিছে যদিও সেয়া পৰ্যাপ্ত নহয় ! সেয়েহে পৰিয়ালটিয়ে বিচাৰিছে চৰকাৰ তথা কোনোবা হৃদয়বান লোকৰ কিছু সহায় যাতে কেঞ্চাৰ ৰোগাক্ৰান্ত পদ্দু হালৈৰ উন্নত চিকিৎসা কৰিব পাৰে ! কোনো সদাশয় লোকে পৰিয়ালটোক কিছু সহায় কৰিব বিচাৰিলে পদ্দু হালৈৰ পত্নী দীপ্তি হালৈৰ লোহাৰকাঠাস্থিত বেংক অফ ইণ্ডিয়াৰ IFSC BKI D0005003 একাউণ্ট নম্বৰ 500310510001155 ত বা মোবাইল নম্বৰ ৬০০২১৫৮৬২৪ ত পৰিয়ালটোৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে !

মুকালমুৱাৰ পৰা শংকৰ দাস ৰিপোৰ্ট, আজিৰ খবৰ ।

P&C

You might also like