Your Voice, Our Strength

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই : পোহৰলৈ আহিছে ঘটনাৰ আঁৰৰ ৰহস্য।

আজিৰ খবৰ,২৫ আগষ্ট : অতি সংকটজনক অৱস্থাত বিগত চাৰি দিন ধৰি মৃত্যুৰে সৈতে যুঁজ কৰি ডিব্রুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই৷ উল্লেখ্য যে,ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়া, তেওঁৰ সহপাঠী কস্মিতা দত্ত আৰু কস্মিতাৰ পিতৃ দেৱ দত্তক ধেমাজি চহৰৰ মাজমজিয়াত চলোৱা প্রাণনাশী আক্রমণৰ ঘটনাৰৰ পাছতে সৃষ্টি হৈছিল ৰাজ্যজুৰি তীব্ৰ প্রতিক্রিয়া । চিকিস্যকৰ আপ্ৰাণ চেষ্টা আৰু ৰাইজৰ প্ৰাৰ্থনাই ৰক্ষা কৰিব নোৱাৰিলে

নন্দিতাক । নিয়তিৰ ওচৰত হাৰ মানিব লগীয়া হ’ল নন্দিতা ।কিন্তু কিয় নিজ প্রেমিকাৰ ওপৰত ৰিণ্টু শর্মাই প্রাণনাশী আক্রমণৰ চূড়ান্ত পথ ল’লে, সেয়া এক ৰহস্য যদিও পোহৰলৈ আহিছে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়াক আক্ৰমণৰ ঘটনাৰ আঁৰৰ ৰহস্য। বিশেষ সূত্রে লাভ কৰা খবৰ অনুসৰি, নন্দিতা শইকীয়াৰ লগত দীর্ঘদিনৰে পৰা ৰিণ্টু শর্মাৰ প্রেমৰ সম্পর্ক আছিল৷

P&C

এমাহ পূর্বে ৰিণ্টু শর্মাই নন্দিতাক উপহাৰ দিছিল এটা দামী ম’বাইল ফোন । দুই প্রেমিক–প্রেমিকাই অন্তৰংগ মুহূর্ততৰ ফটোও সঘনে নিজৰ হোৱাটছএপৰ ষ্টেটাছত শ্বেয়াৰ কৰাৰ কথাও দুয়োৰে ঘনিষ্ঠ বন্ধু মহলৰ দৃষ্টিগোচৰ হৈছিল৷ ঢকুৱাখনাৰ কাঠৰবাৰীস্থিত নন্দিতাৰ ঘৰলৈ সঘন অহা-যোৱা কৰিছিল আক্রমণকাৰী ৰিণ্টু শর্মাই৷ প্রেমত প্রতাৰিত হৈ ৰিণ্টু শর্মাই এনে শিহৰণকাৰী কাণ্ড সংঘটিত কৰা বুলি ইতিমধ্যে সর্বত্র চর্চা লাভ কৰিছে যদিও এতিয়া সকলোৰে এটাই প্ৰশ্ন দোষীয়ে উচিত শাস্তি পাবনে?

You might also like