Your Voice, Our Strength

গুৱাহাটীৰ নেডফি কনভেঞ্চন চেণ্টাৰত “Potential NORTHEAST- An Agri Export Business Meet Between North Eastern Region of India and Bangladesh” শীৰ্ষক অনুষ্ঠান।

আজিৰ খবৰ, গুৱাহাটী, ৯ ডিচেম্বৰ : আজি গুৱাহাটীৰ নেডফি কনভেঞ্চন চেণ্টাৰত আয়োজিত “Potential NORTHEAST- An Agri Export Business Meet Between North Eastern Region of India and Bangladesh” শীৰ্ষক অনুষ্ঠানত অংশ লয় মন্ত্ৰী অতুল বৰাই ।

 

অনুষ্ঠানটিত উত্তৰ-পূৰ্বাঞ্চল আৰু বাংলাদেশৰ মাজত কৃষিজাত তথা খাদ্যসামগ্ৰীৰ আমদানি-ৰপ্তানি সন্দৰ্ভত আলোচনা হয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ উন্নয়নৰ যাত্ৰাত অসম তথা উত্তৰ-পূবক দক্ষিণ-পূব এছিয়াৰ মুখ্য দ্বাৰ হিচাপে বিবেচনা কৰিছে। সেয়েহে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে অসমক আত্মনিৰ্ভৰশীল কৰি এখন ৰপ্তানিকাৰী ৰাজ্য হিচাপে গঢ়ি তোলাত অগ্ৰাধিকাৰ দিছে।

 

P&C

অসমত বিভিন্ন ধৰণৰ ধান, খাদ্যসামগ্ৰী, ফল-মূল আদি প্ৰচুৰ পৰিমাণে উৎপাদন হয়। আমাৰ ৰাজ্যত উৎপাদিত চাউল আৰু ফল-মূল যেনে- বাচমতি, বৰা, জহা; নেমু, কঁঠাল, লেতেকু, মাটি কঁঠাল আদি বিশ্বৰ বিভিন্ন ঠাইলৈও ৰপ্তানি হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে কৃষকসকলৰ বাবে বিভিন্ন বিকাশমুখী আঁচনি ৰূপায়ণ কৰি আছে, যিয়ে কৃষকসকলৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰাত সহায় কৰিছে।

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশেও চলিত বৰ্ষৰ আগষ্টত অসমৰ পৰা ৫০ মেট্ৰিক টন মাকৈ ৰপ্তানি কৰিছে। দুয়োখন দেশৰ মাজত বহুতো কৃষি তথা শস্যজাত সামগ্ৰী আমদানি-ৰপ্তানি হৈ আহিছে। সেয়েহে মন্ত্ৰী অতুল বৰাই আশা কৰে যে, এই অনুষ্ঠানটিয়ে দুয়োখন দেশৰ ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাত নিশ্চিতভাৱে সহায়ক হ’ব।

 

PHD Chamber of Commerce and Industry আৰু APEDA ৰ উদ্যোগত আয়োজিত আজিৰ অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সহকাৰী উচ্চায়ুক্ত তথা মিছন প্ৰধান ড° শ্বাহ মহম্মদ তানভিৰ মনচুৰ, ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ সহকাৰী আয়ুক্ত শ্ৰী বৰুণ যাদৱ, PHD Chamber of Commerce and Industry ৰ উপাধ্যক্ষ শ্ৰী ভাস্কৰজ্যোতি গগৈ, APEDA ৰ সহকাৰী মহাপ্ৰবন্ধক শ্ৰীমতী সুনিতা ৰায়, Agri Clinic & Agri Business Centre, অসমৰ নডেল বিষয়া ড° অনিৰ্বাণ চৌধুৰী, ভাৰত চৰকাৰৰ বৈদেশিক বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী শশী কুমাৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য তথা বাংলাদেশৰ বহুতো অংশগ্ৰহণকাৰী।

You might also like