Your Voice, Our Strength

যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অধিক ভাড়া আদায় কৰা চিটিবাছ , মেজিকৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান ।

চানমাৰী , গণেশগুৰী , গুৱাহাটী ক্লাব , আৰু ভৰলুমুখত জব্দ ২৭ খন বাহন।

আজিৰ খবৰ, গুৱাহাটী, ২৩ ডিচেম্বৰ : পথ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ ( প্ৰৱৰ্তক ) কার্যালয়ে দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে হেলমেট পৰিধান কৰা , চাৰিচকীয়া বাহনৰ চালক – যাত্ৰীয়ে ছিতবেল্ট ব্যৱহাৰ কৰাটো নিশ্চিতকৰণৰ বাবে দিনে নিশাই ৰাজপথত অভিযান চলাই আহিছে । সমান্তৰালভাৱে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ নিৰ্দেশত যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ বৰ্দ্ধিত ভাড়া আদায় কৰা বাহনৰ বিৰুদ্ধেও অভিযান চলাই আহিছে কার্যালয়ে । আনদিনাৰ দৰে আজিও জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে গণেশগুৰী , চানমাৰী , গুৱাহাটী ক্লাব আৰু ভৰলুমুখত এক অভিযান চলায় । অভিযান কালত যাত্ৰীৰ পৰা বৰ্দ্ধিত ভাড়া আদায় লোৱা ২৭ খন চিটিবাছ আৰু মেট্ৰো শ্বেয়াৰ টেক্সি তথা মেজিক ধৰা পেলাই জব্দ কৰা হয় । ইতিমধ্যে বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষই অধিক ভাড়া আদায় কৰা বাহন চালকৰ অনুজ্ঞাপত্ৰ আৰু পথত চলাচল কৰা পাৰ্মিট তিনিমাহৰ বাবে নিলম্বন কৰিবলৈ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে ।

You might also like