Your Voice, Our Strength

অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ-সজাগতা নাটক “ যমৰ যাতনা”।

আজিৰ খবৰ, গুৱাহাটী, ৩১ ডিচেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰত যাতে এটাও পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু সংঘটিত নহয় তাৰ বাবে সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা বিচাৰি জনোৱা আহ্বান আৰু এইক্ষেত্ৰত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া নিৰ্দেশৰ ভিত্তিত পৰিবহণ বিভাগে গ্ৰহণ কৰা সজাগতাৰ অন্যতম কাৰ্যসূচী হিচাপে আজি মহানগৰীৰ চানমাৰিত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ মণ্ডপত এখন পথ সজাগতা নাটক পৰিবেশন কৰা হয়। সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ অন্যতম অভিনয় আৰু তত্বাবধানত পৰিবেশন কৰা “যমৰ যাতনা” নাটখনৰ সংলাপ আৰু পৰিচালনা ড° দ্বীপেন দাস আৰু জ্বলি বৰাৰ ৷ উল্লেখ্য যে, সমাজৰ সকলো শ্ৰেণীৰ যান-বাহন ব্যৱহাৰকাৰী লোকেই যাতে আইন মানি চলে সেই সন্দৰ্ভত ব্যাপক জনসচেতনতা সৃষ্টি কৰি মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱত ৰূপায়ণ কৰাৰ প্ৰয়াসেৰে ৰাইজৰ মাজলৈ পথ সুৰক্ষাৰ বাণীসমূহ আগবঢ়াই নিয়াৰ বাবে নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ শিল্পীসকলৰ দ্বাৰা পৰিবেশীত নাটকখনে গ্ৰন্থপ্ৰেমী ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰে।

P&C
You might also like