Your Voice, Our Strength

ৰাণীত চি আৰ পি এফৰ উদ্যোগত ভেটাৰ্নছ দিৱস পালন

আজিৰ খবৰ, গুৱাহাটী, ২৬ মাৰ্চ : দেশৰ আভ্যন্তৰিণ নিৰাপত্তা আৰু আইন – শৃংখলা ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফে আজি দেশজুৰি ভেটাৰ্নছ দিৱস পালন কৰে । ইয়াৰ অংশহিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীত থকা ১৭৫ চি আৰ পি এফ বেটেলিয়ান মুখ্য কাৰ্যালয় চৌহদত ভেটাৰ্নছ দিৱস পালন কৰা হয় । আনহাতে দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত বাহিনীটোৰ মহিলাকে ধৰি ১০ জন অৱসৰপ্ৰাপ্ত বীৰ জোৱান – বিষয়া ক্ৰমে – চিত্ৰবালা বৈশ্য , মণ্টুৰাম বৈশ্য , বসন্ত ডেকা , কনক চন্দ্ৰ দাস , দীনেশ বেজবৰুৱা , দিলৱাৰ আলী , এ চি ডেকা , প্ৰমোদ চন্দ্ৰ দাস , শচীন চন্দ্ৰ দাস , বিচিত্ৰ ডেকাক সম্বৰ্ধনা জনোৱা হয় । আটাইকেইজনকে গামোছা আৰু ফুলৰ থোপাৰে আদৰণি জনায় ১৭৫ চি আৰ পি এফৰ কমাণ্ডেন্ট সুভাষ চন্দ্ৰ শৰ্মাই । চমু ভাষণত কমাণ্ডেন্ট শৰ্মাই আটাইকেইজনৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি কয় তেওঁলোকৰ বীৰত্ব , দেশপ্ৰেম , ত্যাগে বাহিনীটোৰ গৌৰৱ বৃদ্ধি আহিছে ।অনুষ্ঠানত চেকেণ্ড – ইন – কমাণ্ড কে এল ধীমান , ডেপুটী কমাণ্ডেন্টদ্বয় আব্দুল ৰহিম আৰু ৰবি শ্ৰীবাস্তব , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া উপস্থিত থাকে ।

P&C
You might also like