Your Voice, Our Strength

কাঁহিকুছিৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত গাঁও পঞ্চায়তত স্বচ্ছ ভাৰত মিছন আৰু জল জীৱন মিছনৰ সুসমন্বয় সাধনৰ ওপৰত ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচী

আজিৰ খবৰ, গুৱাহাটী, ২৬ মাৰ্চ , ২০২২ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি ) অধীনস্থ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ ই টি চিয়ে বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ গাঁও পঞ্চায়ত সমূহক সবলীকৰণ আৰু আঁচনি সমূহ যাতে সফলভাবে ৰূপায়ণ হয় তাৰ বাবে সময়ে সময়ে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে । আনহাতে বিভাগীয় নিৰ্দেশনা অনুসৰি এইবেলি পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৰাজ্যত চলি থকা স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ( এছ বি এম – জি ) আৰু জল জীৱন মিছনৰ ( জে জে এম ) সু সমন্বয় সাধনৰ বাবে ১৪ ফেব্ৰুৱাৰীৰ পৰা চলি আছে এক ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচী । অহা ৩১ মাৰ্চত সামৰণি পৰিবলগীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ চাৰিখন জিলা ক্ৰমে – কামৰূপ , কামৰূপ মহানগৰ , মৰিগাঁও আৰু গোৱালপাৰা জিলাৰ ২৭ টা উন্নয়ন খণ্ডৰ অধীনৰ ২৮০ খন গাঁও পঞ্চায়তৰ সভাপতি , উপ সভাপতি আৰু একৰিডেটেড সহকাৰী অভিযন্তা , আঞ্চলিক পঞ্চায়তৰ সদস্যৰ উপৰি সেই জিলা উন্নয়ন খণ্ড এলেকাৰ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ক্ষেত্ৰ বিষয়া সকলে ভাগ লৈছে । আনহাতে ই টি চিৰ অধ্যক্ষ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ দায়িত্ববাহী লালৰেম চিয়ামি গামলায়ে জানিবলৈ দিয়া মতে কাৰ্যসূচীত ভাগ লোৱা সকলোকে দুদিনকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । মূলত পঞ্চায়ত সমুহক অধিক শক্তিশালী ৰূপত গঢ় দিবৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছে । আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ বিশেষভাবে তদাৰক কৰিছে খানাপাৰাস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান চমুকৈ এছ আই আৰ ডিৰ যুটীয়া সঞ্চালক ( প্ৰশিক্ষণ ) পবিত্ৰ কলিতাই । তেনেদৰে ই টি চিৰ ফেকাল্টি সকলৰ উপৰি প্ৰশিক্ষক হিচাপে জিলা পৰিষদৰ ডি পি এম আৰু বিভাগীয় বিষয়া সকলে প্ৰশিক্ষণ প্ৰদান কৰি আছে । ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলায়ে সদৰি কৰা অনুসৰি ই টি চি চৌহদৰ উপৰিও গোৱালপাৰা জিলাৰ বালিজানাৰ ডি পি আৰ চি কেন্দ্ৰ , মৰিগাঁও জিলাৰ জিলা পৰিষদৰ সভাগৃহত এই প্ৰশিক্ষণ অনুষ্ঠিত কৰি অহা হৈছে । ইয়াৰ উপৰিও মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন আৰু গোৱালপাৰা জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰেন দাসেও প্ৰশিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰিছে । আনকি গাঁও পঞ্চায়ত সমূহৰ বিষয়া – কৰ্মচাৰী সকলেও প্ৰশিক্ষণ কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে ।

P&C
You might also like