Your Voice, Our Strength

বিহুতলীত পৰিবহণ বিভাগৰ ব্যতিক্ৰম পথ-সুৰক্ষা অভিযান : “সুৰাপান কৰি গাড়ী নচলাব”শীৰ্ষক সজাগতা প্লেকাৰ্ড হাতত লৈ পথ-সুৰক্ষা সজাগতাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

“তীব্ৰগতি স্বৰ্গগতি” শ্ল’গানেৰে যানবাহন ব্যৱহাৰকাৰীক সজাগ কৰিলে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে

আজিৰ খবৰ, গুৱাহাটী, ১৭ এপ্ৰিল : ব’হাগ মানেই নতুন দিন, ৰঙালীৰ ৰং-ধেমালিৰ ভৰপক আনন্দৰ সময় ৷ কিন্তু এই আনন্দ উৎসৱৰ নামত অকণমান অসাৱধানতাৰ বাবে কোনো দুৰ্ঘটনাই যাতে বিহুৰ মাদকতা ম্লান কৰিব নোৱাৰে তাৰবাবে মহানগৰীৰ বিভিন্ন বিহুতলীত পৰিবহণ বিভাগৰ উদ্যোগত আৰু সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ তত্ত্বাৱধানত পথ-সুৰক্ষা সজাগতাৰ বিশেষ অভিযান অব্যাহত ৰখা হৈছে। পহিলা ব’হাগৰ দিনা ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰৰ গুৱাহাটী বিহু সন্মিলনীৰ পতাকা উত্তোলন কৰিবলৈ অহা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে এখনি বিহুৱানেৰে বিহুৰ ওলগ জনাই এই সজাগতা অভিযান আৰম্ভ কৰে ৷ “পথ সুৰক্ষা”ক মূল বিষয় হিচাপে লৈ পৰিবহণ বিভাগৰ দ্বাৰা গঠিত বিহুহুচৰি দলে মুখ্যমন্ত্ৰী গৰাকীক আদৰণি জনোৱাৰ সময়ত হাতে হাতে সজাগতা প্লেকাৰ্ড লৈ আগবাঢ়ি অহা নাচনীৰ পৰা “সুৰাপান কৰি গাড়ী নচলাব” শীৰ্ষক শ্ল’গান সম্বলিত প্লেকাৰ্ড বিহুতলীত সকলোৰে সন্মুখত তুলি ধৰি পৰিবহণৰ এই সজাগতা কাৰ্যসূচীত যেন মুখ্যমন্ত্ৰী গৰাকীও চামিল হয় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে পথ-সুৰক্ষা সজাগতাৰ এই কাৰ্যসূচীক সময়োপযোগী আৰু ব্যতিক্ৰমী পদক্ষেপ বুলি উল্লেখ কৰি যান-বাহন ব্যৱহাৰকাৰীক ৰাজপথত সকলো সময়তে যান-বাহন আইন মানি চলিবলৈ আহ্বান জনায়। এয়ে উত্তম সময় বুলি মন্তব্য কৰি অনাগত দিনত এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ বাবে তেওঁ সমাজৰ সৰ্বস্তৰৰ ৰাইজক সংকল্প ল’বলৈ আহ্বান জনায়। উল্লেখ্য যে, বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাকো বিভাগৰ তৰফৰ পৰা একোখনকৈ বিহুৱানেৰে ওলগ জনাই পথ-সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্যসূচী সন্দৰ্ভত অবগত কৰা হয় ৷

একেদিনাই মহানগৰীৰ জজ ফিল্ডত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত মুকলি বিহু সন্মিলনৰ বাকৰিতো পথ-সুৰক্ষা বিষয়ক বিহু হুচৰি পৰিবেশন কৰি সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ সজাগতা অভিযান আগবঢ়াই নিয়াৰ চেষ্টা চলোৱা হয়।

P&C

ইফালে শুকুৰবাৰৰ নিশা ৪৪ সংখ্যক মধ্য-পূৱ গুৱাহাটী বিহু সন্মিলনীৰ মঞ্চ মুকলি অনুষ্ঠানটো কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ-সুৰক্ষাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিগৰাকী নাচনীয়ে হাতে হাতে পথ সুৰক্ষাৰ বাণী সম্বলিত প্লেকাৰ্ড লৈ ঢোলৰ ছেৱে ছেৱে মঞ্চত প্ৰৱেশ কৰা দৃশ্যই সকলোৰে মন চুই চাবলৈ সক্ষম হয় । একেদৰে বিহুৱাই পথ সুৰক্ষাৰ নীতি-নিয়মৰ আধাৰত গোৱা বিহুনামে উপষ্ঠিত সকলো দৰ্শককে সুৰক্ষা সন্দৰ্ভত ভৱাই তোলে ৷ অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ অধ্যক্ষ ড° অৰূপ মিশ্ৰই মঞ্চ উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানৰ বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে কয় যে, সকলোৱে বিহুৰ আনন্দ, ফুৰ্তি কৰক ৷ তাত আমি বাধা দিব নোৱাৰো। কিন্তু কোনোৱে যাতে উৎসৱৰ আনন্দত মতলীয়া হৈ কোনো দুৰ্ঘটনা সংঘটিত কৰি নিজৰ লগতে আনকো বিপদত নেপেলাই। সেয়েহে বিহুৰ ৰং-ৰহইচৰ মাজতো সকলোকে যানবাহনৰ নীতিনিয়ম সমূহ মানি চলিবলৈ আহ্বান জনাই পৰিবহণ বিষয়া গৰাকীয়ে কয় যে দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট আৰু চাৰিচকীয়া বাহন চলাওঁতে ছীটবেল্ট পৰিধান কৰিবলৈ নাপাহৰিব, কেতিয়াও সুৰাপান কৰি আৰু ম’বাইলত কথা পাতি গাড়ী নচলাব৷ তদুপৰি “তীব্ৰগতি স্বৰ্গগতি” বুলি উল্লেখ কৰি সকলোকে নিয়ন্ত্ৰিত গতিতহে গাড়ী চলাবলৈ কয়।

যানবাহন চলোৱাৰ সময়ত কোনোৱে যাতে ম’বাইলত কথা পাতি ভয়ংকৰ বিপদ কঢ়িয়াই নানে তাৰ বাবেও তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে। অনাগত দিনত ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ বাবে পৰিবহণ বিষয়াগৰাকীয়ে সমাজৰ সৰ্বস্তৰৰ ৰাইজক সহযোগিতাৰ বাবে আহ্বান কৰে।

You might also like