Your Voice, Our Strength

প্ৰথমবাৰৰ বাবে ৰবীন্দ্ৰ ভৱনত প্ৰদৰ্শন সতী সাধনীৰ আধাৰিত ” বীৰাংগনা”

চুতীয়া ৰাজশাসনৰ ৰাণী বীৰাংগনা

 

আজিৰ খবৰ, গুৱাহাটী : অসমীয়া নাৰীসমাজৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ তথা এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধ ক্ষেত্ৰত জপিয়াই পৰা বীৰাঙ্গণাক নাটকৰ ৰূপ দিছে মৰানৰ লেঙেৰীৰ নাট্যগোষ্ঠীয়ে

 

P&C

মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান চুতীয়া ৰাজশাসনৰ ৰাণী বীৰাংগনা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাট বীৰাংগনা সাংবাদিক ৰন্টু নেওগ , দিব্য ৰাজখোৱা,জ্ঞানেন চুতীয়া আৰু কুণ্ডিল চুতীয়াৰৰ একান্ত প্ৰচেষ্ঠাত প্ৰথমবাৰৰ বাবে
ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হয় ।

ৰবীন্দ্ৰ ভৱনত প্ৰথম বাৰৰ বাবে মঞ্চস্থ হোৱা বীৰাংগনা নাটখনি উদ্ধোধন কৰে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ড৹ দেৱজিৎ খনিকৰে । শস্য উদ্যান বিভাগৰ সঞ্চালক তৰংগ ভাৰতী বৰা, গৰিমা শইকীয়া গাৰ্গৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে নাটখিনি উপভোগ কৰে ।

নাটকখন মঞ্চস্থ কৰাৰ পূৰ্বে চুতীয়া জাতিৰ প্ৰতি অৱদান আগবঢ়োৱা অৱসৰপ্ৰাপ্ত সচিব গগন চন্দ্ৰ চুতীয়া, ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন্দ্ৰ নাথ শইকীয়া, সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক গিৰীন ভূঞা,ড৹ জয়ন্তী চুতীয়া, বোপাৰাম ভাজনী , ভৰত শইকীয়া।আৰু অনন্ত নেওগক উদ্যোক্তা সকলে বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ।

উল্লেখ্য যে মহানগৰীত বসবাস কৰা চুতীয়া সমাজৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত নাট্যকাৰ লীলা চুতীয়া,সংগীত সুভাষ গগৈ, আৰু ভৈৰৱ কুমাৰ ফুকনৰ পৰিচালনা কৰা ‘বীৰাংগনা’ ত মূল চৰিত্ৰ-ধৰ্মধ্বজপাল চৰিত্ৰত অভিনয় কৰে পবিত্ৰ বুঢ়াগোহাঁই, সাধনী:চৰিত্ৰত অভিনয় পাহাৰী গগৈ, সাধনীৰ সখী শ্যামলী মাউত, নীতিপাল চৰিত্ৰত হীৰকজ্যোতি গগৈ আৰু কনচেং বৰপাত্ৰগোঁহাই চৰিত্ৰত অভিনয় কৰে যতীন বুঢ়াগোহাঁইয়ে। নাটখনৰ সুন্দৰ দৃশ্যৰূপ আৰু প্ৰতি গৰাকী অভিনেতা অভিনেত্ৰীৰ সুন্দৰ অভিনয়ৰে প্ৰতি গৰাকী দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয় ।

You might also like