Your Voice, Our Strength

পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

আজিৰ খবৰ, গুৱাহাটী, ১৭ জুলাই, ২০২২ : বিগত বৰ্ষৰ দৰে এইবেলিও পাণ্ডু সদিলাপুৰস্থিত পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস অলপতে বিদ্যালয় প্ৰাংগনত অতি গাম্ভীৰ্যপূৰ্ণ ভাবে উদযাপন কৰা হয় ৷ পাণ্ডু সদিলাপুৰৰ স্থানীয় ৰাইজ, শিক্ষক – শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ উপস্থিতিত বিদ্যালয়ৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ সভাপতি বসন্ত কুমাৰ দাসে । তাৰ পাছত বিদ্যালয়ৰ নৱ নিৰ্মিত স্থায়ী ভৱনৰ (মণিদীপা ভৱন) দ্বাৰ মুকলি কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুন্তী বালা দাসে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য -গীত পৰিবেশন কৰে । অনুষ্ঠানত শিক্ষাকে ধৰি সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই অহা ড° অমল দত্ত পাটগিৰী , ড° পুলকানন্দ দত্তবৰুৱা, অভিজিত শৰ্মা বৰুৱা আৰু দিগন্ত হাজৰিকাক সম্বৰ্দ্ধনা জনোৱা হয়। চমু ভাষণত আটাইকেইজনে শিক্ষাৰ্থী সকলক দিহা পৰামৰ্শ দিয়াৰ উপৰিও বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ৷

P&C
You might also like