Your Voice, Our Strength

গোলকগঞ্জৰ ভাৰত বাংলা সীমান্তৰ বিন্নাছৰাৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে এজনক ৷

আটকাধীন জোছেন আলীৰ ঘৰ গোলকগঞ্জৰ বিন্নাছৰাত ৷

আজিৰ খবৰ, গোলোকগঞ্জ, ৯ জুলাই : গোলকগঞ্জৰ ভাৰত -বাংলা সীমান্তৰ বিন্নাছৰাত গোপন সুত্ৰৰ পম খেদি ড্ৰাগছ সহ এজনক আটক কৰে গোলকগঞ্জ আৰক্ষীয়ে ৷ বিন্নাছৰাত দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰৱৰাহৰ খৱৰ লাভ কৰিছিল গোলকগঞ্জ আৰক্ষীয়ে ৷ শুক্ৰবাৰে চলোৱা এক অভিযানত জোছেন আলীক নিচাযুক্ত টেৱলেট আৰু প্ৰায় দুশটা ড্ৰাগছৰ চিৰিঞ্জ জব্দ কৰিৱলৈ সক্ষম হয় ৷ আটক ড্ৰাগছৰ সৰৱৰাহ কাৰী জোছেন আলীক আটক কৰে গোলকগঞ্জ আৰক্ষীয়ে ৷ আটকাধীন লোকজন ভাৰত- বাংলাদেশ সীমান্ত দি অঞ্চলটোৰ লগতে বাংলাদেশ লৈ ড্ৰাগছ সৰবৰাহ কৰি আছিল।

P&C
You might also like