সাৱধান: আপোনাৰ দুৱাৰত পৰিব পাৰে ডি টি অ , এম ভি আই , ই আইৰ টোকৰ

আজিৰ খবৰ ২৪ জুলাই : ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছত দেশৰ আন ৰাজ্যৰ লগতে অসমতো পৰিবহন খণ্ডটোত বিৰূপ প্ৰভাৱ পেলাইছে । বিগত বৰ্ষৰ দৰে এইবেলিও অসম চৰকাৰৰ পৰিবহন বিভাগে যান বাহনৰ মালিক সকলক সকাহ দিয়াৰ লক্ষ্যৰে যান বাহনৰ যাবতীয় বকেয়া কৰ আদায়ৰ সময়সীমা অহা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে । ইফালে দেশত বিগত ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ পৰাহে ক’ভিড – ১৯ মহামাৰী বিয়পি পৰিছিল যদিও ক’ভিডৰ গইনা লৈ ক’ভিড আবিৰ্ভাৱ হোৱাৰ আগৰে পৰা বহু যান বাহনৰ গৰাকী , পথ – দলং আদি নিৰ্মাণ খণ্ডৰ লগত জড়িত কনট্ৰাকচন কোম্পানী , বিভিন্ন ৰাজ্যলৈ সামগ্ৰী সৰবৰাহ কৰা ট্ৰেন্সপোৰ্ট কোম্পানী আদিৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কার্যালয়ে অভিনৱ পন্থা গ্ৰহণ কৰিছে । পৰিবহন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি ৰাজ্যৰ ভিতৰত প্ৰথমবাৰৰ বাবে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া ( ডি টি অ ) গৌতম দাসৰ নেতৃত্বত জিলাখনৰ যান বাহন পৰিদৰ্শক ( এম ভি আই ,) প্ৰৱৰ্তক পৰিদৰ্শক ( ই আই ) আৰু সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক( এ ই আই ) সকলে ২০ জুলাইৰ পৰা গ্ৰহণ কৰিছে এক অভিনৱ পন্থা । সেই পন্থা অনুসৰি কামৰূপ মহানগৰ জিলাৰ যিসকল কনট্ৰাকচন কোম্পানী , ট্ৰেন্সপোৰ্ট কোম্পানী আৰু যান বাহনৰ লগত জড়িত বহুজাতিক কোম্পানীয়ে বছৰৰ পাছত বছৰ ধৰিযান বাহনৰ বকেয়া কৰ পৰিবহন বিভাগক আদায় দিয়া নাই তেওঁলোকৰ তাত ডি টি অ গৌতম দাসৰ নেতৃত্বত গৈ হাজিৰ হৈছে পৰিবহন বিভাগৰ দল । তেনেদৰে এম ভি আই আৰু ই আই সকলোৱে ভাগে ভাগে পৰিবহন বিভাগক বছৰ বছৰ ধৰি আদায় দিবলৈ থকা যাবতীয় বকেয়া কৰ ( Arrear Tax ) আদায় দিয়াৰ বাবে অনুৰোধ জনাবলৈ অভিযান আৰম্ভ কৰিছে । এই সন্দৰ্ভত ডি টি অ গৌতম দাসে জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত ৰাজকোষ টনকিয়াল কৰাৰ স্বাৰ্থত ৰাজ্যজুৰি পৰিবহন বিভাগে বকেয়া কৰ আদায়ৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কার্যালয়ৰ ফালৰ পৰা সংলিষ্ট কনট্ৰাকচন কোম্পানী , ট্ৰেন্সপোৰ্ট কোম্পানী আৰু বহুজাতিক কোম্পানী সমূহলৈ বকেয়া কৰ আদায়ৰ বাবে তেওঁলোকৰ ঠিকনালৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰা হৈছে । নটিছ প্ৰেৰণৰ পাছতো সঁহাৰি নিদিয়া সকলৰ বিৰূদ্ধে এম ভি আই আৰু ই আই সকলে দৌৰ টু দৌৰ শীৰ্ষক অভিযান চলাই আছে । ইফালে যান বাহনৰ গৰাকী সকলৰ মাজত বকেয়া কৰ আদায় দিয়া সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থান সমূহত দূৰৰ পৰা দৃশ্যমান হোৱাকৈ হৰ্ডিং স্থাপন কৰা হৈছে । বিশিষ্ট অধিবক্তা নেকিবুৰ জামান আৰু জনপ্ৰিয় অভিনেত্ৰী নিকিতা গোস্বামীৰ ফটো সম্বলিত হৰ্ডিং সমূহত ডি টি অ গৌতম দাসে যান বাহনৰ গৰাকী সকলক কৰ আদায়ৰ বাবে আহ্বান জনাইছে । তেনেদৰে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি বকেয়া কৰ আদায়ৰ বাবে সময়সীমা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে যদিও তাৰ পূৰ্বেই কৰ আদায় দিবলৈ আহ্বান জনোৱা হৈছে বুলি ডি টি অ গৌতম দাসে সদৰি কৰিছে । এই সন্দৰ্ভত অনলাইন বা আন ডিজিটেল পদ্ধতি সমূহ ব্যৱহাৰ কৰিব পাৰিব বাহনৰ গৰাকী সকলে । ইফালে ইচ্ছাকৃতভাৱে বকেয়া কৰ আদায় নিদিয়া সকলৰ বিৰুদ্ধে পৰিবহন বিভাগে জৰিমনা আদায় , বাহন জব্দকে ধৰি বিভিন্ন বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিব ।

Aaj TakABP NewsAjanta NeogAmit ShahArjun MundaAryan TVAshok SinghalAssam TalksAtul BoraAzir KhoborBimal BoraChandra Mohan PatowaryCMO ASSAMCNBC AwaazCNBC TV18CNN-News18DD NewsDharmendra PradhanDilli Aaj TakDY 365ET NowGajendra Singh ShekhawatGiriraj SinghGuwahati timesHarsh VardhanHimanta biswa SarmaIndia AheadIndia NewsIndia TodayIndia TVIshan newsJanta TVJitendra SinghJogen MohanKeshab MahantaKhabar BhartiKiren RijijuLive IndiaLok Sabha TVMirror NowMukhtar Abbas NaqviNarendra ModiNarendra Singh TomarND24NDTV 24x7NDTV IndiaNDTV ProfitNews 24news liveNews NationNews Nation AssamNews Time AssamNews World IndiaNews18 Assam-North EastNews18 IndiaNews9NewsXNirmala SitharamanNitin GadkariNKTVParimal SuklabaidyaPijush HazarikaPiyush GoyalPMO INDIAPrag newsPrakash JavdekarPratidin TimePresident of IndiaR9 TVRajnath SinghRajya Sabha TVRam Nath KovindRamdas AthawaleRamesh PokhriyalRameswar TeliRanjeet Kumar DasRanoj PeguRavi Shankar PrasadRepublic BharatREPUBLIC TVSamaySanjoy KishanSarbananda sonowalSmriti IraniSudarshan NewsTez TVThawar Chand GehlotThe Guwahati Timesthe quintThe WireTIME8Times NowTiranga TVToday NewsTotal TVTV9 BharatvarshUrkhao Gwra BrahmaVIP NewsWIONZee BusinessZee HindustanZEE NEWS
Comments (0)
Add Comment