আজিৰ খবৰ, গুৱাহাটী, ৩১ আগষ্ট : অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অধীনৰ চালক – পৰিচালক সকলৰ একমাত্ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান গুৱাহাটীৰ বেতকুছিস্থিত চালক – পৰিচালক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াB ( প্ৰৱৰ্তক ) হিমাংশু দাসে গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাৰ লগত জড়িত চালক-পৰিচালক সকলৰ বৃত্তিগত দক্ষতা বৃদ্ধি , যাত্ৰীৰ প্ৰতি ব্যৱহাৰ বা আচৰণ কেনে হোৱা উচিত , পথত গাড়ী সলনিৰ সময়ত মানি চলিবলগীয়া আইন কানুন , ট্ৰেফিক সংকেট , পথ সুৰক্ষা আদিৰ সন্দৰ্ভত নূন্যতম সজাগতা আনিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে । ইয়াৰ অংশহিচাপে বিদ্যালয়ৰ অধ্যক্ষ আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাসে চিটিবাছ , মেজিক বা মেট্ৰো শ্বেয়াৰ টেক্সি , অলা – উবেৰকে ধৰি গুৱাহাটী মহানগৰীৰ ৰাজহুৱা পৰিবহণ সেৱাৰ সৈতে জড়িত প্ৰায় দুই হাজাৰ চালকক সামৰি লৈ ১০ আগষ্টৰ পৰা বছৰযোৰা প্ৰশিক্ষণ কাৰ্যসূচী হাতত লৈছে । প্ৰথম বাৰৰ বাবে প্ৰতি সপ্তাহৰ মঙলবাৰ আৰু শুকুৰবাৰে বিদ্যালয়ৰ উদ্যোগত বেতকুছিত এদিনীয়াকৈ পৰ্যায়ক্ৰমে চালক সকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে । আজি ৩১ আগষ্ট পৰ্যন্ত তিনি সপ্তাহত প্ৰায় ৬০০ জন চালকক প্ৰশিক্ষণ প্ৰদান কৰা হয় । আনহাতে আজি মাহৰ অন্তিম দিনটোত প্ৰশিক্ষণ কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ , কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াদ্বয় গৌতম দাস আৰু ৰফিকুল ইছলাম উপস্থিত থাকি চালক সকলক উদ্দেশ্যি মূল্যবান বক্তব্য আগবঢ়ায় । এই উপলক্ষে বিদ্যালয়ৰ অধ্যক্ষ আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাসে পৰিচালনা কৰা সভাখনত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী চালক সকলক মানপত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰা হয় ।