Your Voice, Our Strength

ৰাজহুৱা পৰিবহণ সেৱাৰ ৬০০ জন চালকক প্ৰশিক্ষণ প্ৰদান পৰিবহণ বিভাগৰ।

গুৱাহাটী মহানগৰীৰ ৰাজহুৱা পৰিবহণ সেৱাৰ সৈতে জড়িত প্ৰায় দুই হাজাৰ চালকক সামৰি লৈ ১০ আগষ্টৰ পৰা বছৰযোৰা প্ৰশিক্ষণ কাৰ্যসূচী।

আজিৰ খবৰ, গুৱাহাটী, ৩১ আগষ্ট : অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অধীনৰ চালক – পৰিচালক সকলৰ একমাত্ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান গুৱাহাটীৰ বেতকুছিস্থিত চালক – পৰিচালক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াB ( প্ৰৱৰ্তক ) হিমাংশু দাসে গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাৰ লগত জড়িত চালক-পৰিচালক সকলৰ বৃত্তিগত দক্ষতা বৃদ্ধি , যাত্ৰীৰ প্ৰতি ব্যৱহাৰ বা আচৰণ কেনে হোৱা উচিত , পথত গাড়ী সলনিৰ সময়ত মানি চলিবলগীয়া আইন কানুন , ট্ৰেফিক সংকেট , পথ সুৰক্ষা আদিৰ সন্দৰ্ভত নূন্যতম সজাগতা আনিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে । ইয়াৰ অংশহিচাপে বিদ্যালয়ৰ অধ্যক্ষ আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাসে চিটিবাছ , মেজিক বা মেট্ৰো শ্বেয়াৰ টেক্সি , অলা – উবেৰকে ধৰি গুৱাহাটী মহানগৰীৰ ৰাজহুৱা পৰিবহণ সেৱাৰ সৈতে জড়িত প্ৰায় দুই হাজাৰ চালকক সামৰি লৈ ১০ আগষ্টৰ পৰা বছৰযোৰা প্ৰশিক্ষণ কাৰ্যসূচী হাতত লৈছে । প্ৰথম বাৰৰ বাবে প্ৰতি সপ্তাহৰ মঙলবাৰ আৰু শুকুৰবাৰে বিদ্যালয়ৰ উদ্যোগত বেতকুছিত এদিনীয়াকৈ পৰ্যায়ক্ৰমে চালক সকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে । আজি ৩১ আগষ্ট পৰ্যন্ত তিনি সপ্তাহত প্ৰায় ৬০০ জন চালকক প্ৰশিক্ষণ প্ৰদান কৰা হয় । আনহাতে আজি মাহৰ অন্তিম দিনটোত প্ৰশিক্ষণ কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ , কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াদ্বয় গৌতম দাস আৰু ৰফিকুল ইছলাম উপস্থিত থাকি চালক সকলক উদ্দেশ্যি মূল্যবান বক্তব্য আগবঢ়ায় । এই উপলক্ষে বিদ্যালয়ৰ অধ্যক্ষ আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাসে পৰিচালনা কৰা সভাখনত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী চালক সকলক মানপত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰা হয় ।

P&C
You might also like